৪০ দিনৰ পিছত ইটালীত উপস্থিত প্রব্রজনকাৰীৰ দল
নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ ডেনমার্কৰ টেংকাৰ এখনত উদ্ধাৰ কৰা ২৭গৰাকী প্রব্রজনকাৰী লোকক ৪০ দিন ধৰি সাগৰত থকাৰ পিছত ইটালীয়ে দেওবাৰে বন্দৰত উপস্থিত হোৱাৰ অনুমতি প্রদান কৰিছে৷ এই ২৭গৰাকী লোকৰ ভিতৰত এগৰাকী অন্তঃসত্ত্বা মহিলাও আছে৷ স্মর্তব্য যে লিবিয়াৰ পৰা ২ আগষ্টত ইউৰোপ অভিমুখে যাত্রা কৰিছিল এই প্রব্রজনকাৰী লোকসকল৷ কিন্তু মাজ সমুদ্রত প্রব্রজনকাৰীৰ নাওখন ডুব যোৱাৰ মুহূর্ততে ডেনমার্কৰ টেংকাৰ মিৰক্স এটিনে এই লোকসকলক উদ্ধাৰ কৰে৷ প্রব্রজনকাৰীসকল উদ্ধাৰ কৰাৰ পিছত ডেনমার্কৰ টেংকাৰখনক কোনো ইউৰোপীয় দেশে প্রৱেশ কৰাৰ অনুমতি প্রদান কৰা নাছিল৷ অৱশেষত ইটালীয়ে মানৱীয়তাৰ বিষয়টোত গুৰুত্ব প্রদান কৰি দেশখনৰ বন্দৰত প্রব্রজনকাৰীসহ ডেনমার্কৰ টেংকাৰখনক লংগৰ পেলোৱাৰ অনুমতি প্রদান কৰে৷