নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ আজিৰ দিনটো

মেষঃ আকস্মিক কোনো অর্থ ক্ষতি হ’ব পাৰে৷ পাৰিবাৰিক শুভ বুলিব পাৰি৷ কর্মক্ষেত্রত আনৰ প্রিয়পাত্র হ’ব পাৰিব৷ পঢ়া–শুনাত শুভ৷ শুভ বর্ণ পাতল সেউজীয়া৷ দূৰ ভ্রমণৰ সুযোগ আহিব পাৰে৷ শুভ সংখ্যা ৩৷

বৃষঃ কর্মক্ষেত্রত নতুন যোগাযোগ ঘটিব পাৰে৷ সৰু–সুৰা অসুখে বিব্রত কৰিব৷ সন্তানৰ স্বাস্থ্যৰ প্রতি নজৰ দিব৷ শুভ বর্ণ কমলা৷ ৰাতিপুৱা কমলা ৰঙৰ কাপোৰ পিন্ধি সূর্য প্রণাম কৰিব৷ আবেলি তিনি বজাৰ পাছতহে ভ্রমণ কৰিব৷ শুভ সংখ্যা ৪৷

মিথুনঃ আর্থিকত চিন্তাৰ কাৰণ নাই৷ ব্যৱসায়–বাণিজ্যত পাব লগা ধন পোৱাৰ সম্ভাৱনা৷ পাৰিবাৰিক অশান্তি দূৰ হ’ব৷ কিন্তু যিকোনো সিদ্ধান্ত হঠাতে গ্রহণ নকৰিব৷ শুভ বর্ণ বেঙুণীয়া, ভ্রমণত শুভ৷ শুভ সংখ্যা ৮৷

কর্কটঃ মনৰ অস্থিৰতাৰ বাবে কর্মত বাধাগ্রস্ত হ’ব পাৰে৷ আর্থিক ক্ষেত্রত যথেষ্ট শুভ যদিও অনাহকত অর্থ হানি হ’ব পাৰে৷ শুভ বর্ণ গুলপীয়া বা বগা৷ আজি আপুনি মানীবেগত তুলসী পাত ৰাখিব৷ শুভ সংখ্যা ৫৷

সিংহঃ আজি পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে৷ ব্যৱসায়ত সফলতা ভবা মতে নাপাব৷ ঘৰুৱাত উন্নত পৰিৱেশ গঢ়িব৷ আজি আপুনি পাতল নীলা ৰং ব্যৱহাৰ কৰিব৷ যাত্রাদি ভালেই দেখা যায়৷ শুভ সংখ্যা ৪৷

কন্যাঃ কর্মক্ষেত্রত উন্নত ফল৷ দৃঢ়তা বৃদ্ধি পাব৷ কোনো সংবাদ বা সংযোগত চিন্তিত হ’লেও প্রতিকূল বুলি ক’ব নোৱাৰি৷ আর্থিকত বেয়া নহয়৷ আপোনাৰ শুভ বর্ণ ক্রীম৷ যাত্রা কৰিলে ক্রীম ৰঙৰ পোছাক পিন্ধিব৷ শুভ সংখ্যা ১৷

তুলাঃ যোৱা দিনৰ তুলনাত আজি উন্নত৷ শৰীৰ সম্পর্কে অৱশ্যে সাধাৰণ চিন্তা থাকিব৷ কর্মব্যস্ততা বৃদ্ধি পাব৷ ভ্রমণ হ’ব পাৰে৷ আপোনাৰ শুভ বর্ণ গাঢ় সেউজীয়া৷ আশা কৰা কোনো বিষয়ত সাধাৰণ প্রগতি৷ শুভ সংখ্যা ৯৷

বৃশ্চিকঃ আর্থিক সম্পর্কীয় দিশত বৰ নিশ্চিত নহয়৷ কোনো আপোন মানুহৰ যোগাযোগৰ লগত অন্যান্যৰো সংগ লাভ ঘটিব পাৰে৷ ভ্রমণত শুভ ফল৷ শুভ বর্ণ পাতল গুলপীয়া৷ শুভ সংখ্যা ৩

ধনুঃ বন্ধু–বর্গ লগ পাব পাৰে বা তেনে যোগাযোগৰ আশা আছে৷ সন্তানৰ সুকীর্তি দেখা যায়৷ আপোনাৰ শুভ বর্ণ বেঙুণীয়া৷ আজি আপুনি যাত্রা কৰিলে দিনৰ দহ বজাৰ পাছতহে কৰিব৷ শুভ সংখ্যা ৭৷

মকৰঃ অনাৱশ্যক সমস্যাৰ মাজত পৰিব পাৰে৷ গতিকে পূর্বৰ পৰাই তেনে বিষয়ৰ পৰা সতর্ক হওক৷ বিদ্যাত জটিলতা কম৷ ভ্রমণত কষ্ট৷ পৰাপক্ষত ভ্রমণ নকৰাই ভাল৷ শুভ বর্ণ বগা৷ শুভ সংখ্যা ১৷

কুম্ভঃ আর্থিক আৰু শাৰীৰিক এই দুয়োটাই আপোনাৰ কিছু সহায়ক হ’ব৷ বিদ্যার্থীৰ বেয়া নহ’ব৷ কর্মস্থানত বাধা দেখি চিন্তিত নহ’ব৷ আজি আপুনি কেঁচা নিমখ নাখাব৷ যাত্রা কৰিলে দিনৰ বাৰটাৰ আগতে কৰিব৷ শুভ বর্ণ হালধীয়া৷ শুভ সংখ্যা ৮৷

মীনঃ কর্মক্ষমতাৰ বাবে আনে প্রশংসা কৰিব৷ বিদ্যাত যোগ্যতা দেখা যায়৷ ভ্রমণত বিশেষ বাধা নাই৷ পৰাপক্ষত সন্ধ্যাবেলা যাত্রা নকৰিব৷ শুভ বর্ণ ৰঙা৷ শুভ বর্ণ ৰঙা৷ লগত ৰঙা ৰুমাল ল’ব৷ শুভ সংখ্যা ১৷

You might also like