নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ লাখ অতিক্রম দেশৰ ক’ভিড পজিটিভ

ৰাজ্যত এদিনতে মৃত্যু ১৯জনৰ, আক্রান্ত ২,৩৯৪

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ   দেশত ক’ভিড–১৯ৰ সংক্রমণ ভয়াৱহ ৰূপত বর্ধিত হৈ আছে৷ বিশ্বৰ হটস্পট হৈ পৰা দেশখনত আক্রান্তৰ সংখ্যাই ৫০ লাখ অতিক্রম কৰিলে৷ আগষ্ট মাহত প্রতিদিনে গড়ে ৬৪ হাজাৰকৈ আক্রান্ত হৈ উদ্বেগজনকভাৱে দেশত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পায়৷ আগষ্টৰ সংক্রমণৰ ধাৰা বৃদ্ধিৰে আনলক–৪.০ অর্থাৎ ১ ছেপ্টেম্বৰৰ পৰা দেশজুৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য মতে দেশত মুঠ আক্রান্তৰ সংখ্যাই ৫০ লাখ অতিক্রম কৰিছে৷ ইয়াৰ ভিতৰত বিগত ১১ দিনৰ ভিতৰত ১০ লাখ লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ তাৎপর্যপূর্ণ যে ১ ছেপ্টেম্বৰত ৭৮ সহস্রাধিক লোক আক্রান্ত হোৱাৰ পাছত ২ ছেপ্টেম্বৰত পৰা ৮০ সহস্রাধিক লোক আক্রান্ত হ’বলৈ ধৰে আৰু শেহতীয়াভাৱে ১০ ছেপ্টম্বৰত পৰা প্রতিদিনে ৯০ সহস্রাধিক লোক ক’ভিড–১৯ত আক্রান্ত হৈ আছে৷ ছেপ্টেম্বৰত প্রতিটো দিনতে আক্রান্তৰ সংখ্যাই নতুন নতুন অভিলেখ গঢ়ে৷ অৱশ্যে কালিৰ দিনটোত ৯০ সহস্রাধিক লোক নতুনকৈ আক্রান্ত হোৱাত দেশত আক্রান্তৰ সংখ্যাই ৫০ লাখ অতিক্রম কৰে৷ আক্রান্তৰ সংখ্যাৰে বিশ্বৰ তালিকাত দ্বিতীয় স্থানত থকা ভাৰতে প্রথম স্থানত থকা আমেৰিকা যুক্তৰাষ্ট্রক অতিক্রম কৰিবলৈ আৰু বেছি দিন নালাগিব৷ আমেৰিকাত এতিয়ালৈকে ৬৮ লাখ লোক আক্রান্ত হৈছে৷ বিগত পষেক ধৰি আমেৰিকাত প্রতিদিনে আক্রান্তৰ সংখ্যা ভাৰততকৈ অধিক নিম্নগামী হোৱাৰ পৰিপ্রেক্ষিতত চলিত মাহটোতেই ভাৰতে তালিকাত শীর্ষস্থান পোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ আনপিনে, যোৱা ২৪ ঘণ্টাত সহস্রাধিক লোকৰ প্রাণহানি হোৱাত দেশত মৃতকৰ সংখ্যা ৮২ হাজাৰ অতিক্রম কৰিছে৷ উল্লেখ্য যে দেশত আক্রান্তৰ হাৰ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ সুস্থতাৰ হাৰো বৃদ্ধি পাই আছে৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে বিশ্বৰ আন দেশৰ তুলনাত ভাৰতৰ সুস্থতাৰ হাৰ অধিক আৰু মৃতকৰ হাৰ সর্বনিম্ন৷ দেশত সুস্থতাৰ হাৰ ৭৭.৭৮ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃতকৰ হাৰ ১.৬ শতাংশলৈ নিম্নগামী হৈছে৷ ইপিনে, ক’ভিড–১৯ ভেকচিনৰ বিভিন্ন পর্যায়ত থকা ৩০তকৈ অধিক ভেকচিনত ভাৰত চৰকাৰে সমর্থন জনাই আহিছে বুলি বুধবাৰে লোকসভাত উল্লেখ কৰিছে কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী নিত্যানন্দ ৰায়ে৷ মন্ত্রীগৰাকীয়ে সদনত উল্লেখ কৰা মতে, জানুৱাৰী মাহৰ পৰাই কেন্দ্রীয় চৰকাৰে মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰিছে৷ ক’ভিড–১৯ৰ ভেকচিনক লৈও চৰকাৰখনে সমর্থন জনাই আহিছে৷ দেশীয়ভাৱে বিকশিত ক’ভাক্সিনৰ লগতে ৩০বিধ ভেকচিনক চৰকাৰে সমর্থন কৰিছে চৰকাৰে৷ ইয়াৰে তিনিটা ভেকচিন অন্তিম পর্যায়ত আছে বুলিও কয় মন্ত্রীগৰাকীয়ে৷ উনুকিয়াব পাৰি যে ৰাছিয়াই ক’ভিড–১৯ৰ ভেকচিন স্পুটনিক–ভিৰ পৰীক্ষণ ভাৰতত সম্পন্ন কৰাৰ বাবে প্রস্তাৱ আগবঢ়োৱাৰ পাছত দেশখনে ভাৰতক ১০০ নিযুত ভেকচিনৰ ড’জ যোগান ধৰিব বুধবাৰে  ঘোষণা কৰিছে৷ ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডে (আৰ ডি আই এফ) প্রকাশ কৰা মতে, ভাৰতীয় ঔষধ কোম্পানী ডাঃ ৰেড্ডিজ লেবৰেটৰিজৰ সৈতে আৰ ডি আই এফে চুক্তি সম্পন্ন কৰি মানৱ দেহত পৰীক্ষণ কৰাৰ লগতে ভেকচিন বিতৰণ কৰিব৷ সেই চুক্তি অনুসৰি ভাৰতীয় কোম্পানীটোৱে ৩০০ নিযুত ভেকচিনৰ ড’জ উৎপাদন কৰিব আৰু ইয়াৰে ১০০ নিযুত ড’জ ভাৰতক দিব৷ ডাঃ ৰেড্ডিজ লেবৰেটৰীয়ে স্পুটনিক–ভিৰ তৃতীয় পর্যায়ৰ পৰীক্ষণ দেশত সম্পন্ন কৰিব৷ অৱশ্যে এতিয়ালৈকে কেন্দ্রীয় চৰকাৰে এইক্ষেত্রত অনুমোদন জনোৱা নাই৷ আৰ ডি আই এফে প্রকাশ কৰা মতে, চলিত বর্ষৰ শেষৰ ফালে ভেকচিন ভাৰতত যোগান ধৰিব পৰা যাব৷ উল্লেখ্য যে ৰাছিয়াৰ স্পুটনিক–ভি বিশ্বৰ ক’ভিড–১৯ৰ প্রথম ভেকচিন হ’ব৷ আনহাতে, ড্রাগছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই (ডি চি জি আই) ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক (এছ আই আই) ভেকচিনৰ পুনৰ পৰীক্ষণৰ অনুমতি প্রদান কৰিছে৷ কিছুদিন পূর্বে কেন্দ্রীয় চৰকাৰে অক্সফ’ড বিশ্ববিদ্যালয় আৰু অস্ত্রজেনেকাৰ দ্বাৰা বিকশিত ক’ভিড–১৯ ভেকচিন মানৱ দেহত পৰীক্ষণ ভাৰতত স্থগিত ৰাখিছিল৷ এছ আই আয়ে ডি চি জি আইক এই ভেকচিনৰ পুনৰ পৰীক্ষণৰ অনুমতিৰ বাবে জনোৱা আবেদনক ডি চি জি আয়ে অনুমতি অনুমতি প্রদান কৰিছে৷ যোৱা ৮ ছেপ্টেম্বৰত অস্ত্রজেনেকাই ‘ক’ভিশ্বিল্ড’ ভেকচিন প্রয়োগ কৰাৰ ফলত এগৰাকী স্বেচ্ছাসেৱক অসুস্থ হোৱা বুলি ঘোষণা কৰিছিল৷ মানৱ দেহত তৃতীয় পর্যায়ৰ পৰীক্ষণৰ সময়ত ক’ভিশ্বিল্ডৰ পার্শ্বক্রিয়া ঘটাত স্বেচ্ছাই ভেকচিনৰ পৰীক্ষণ স্থগিত ৰাখিছিল৷

You might also like