ভাৰতীয় মানক ব্যুৰ’ত ১৭১ পদ খালী
ভাৰতীয় মানক ব্যুৰ’ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে ১৭১ পদৰ এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে– এছিছটেণ্ট ডাইৰেক্টৰ–এডমিনিষ্ট্ এণ্ড ফাইনেন্স ২টা, এছিছটেণ্ট ডাইৰেক্টৰ–মার্কেটিং এণ্ড কনজিউমাৰ এফেয়ার্ছ ১টা, এছিছটেণ্ট ডাইৰেক্টৰ–লাইব্রেৰী ১টা, এছিছটেণ্ট ছেকচন অফিচাৰ ১৭টা, পার্ছনেল এছিছটেণ্ট ১৬টা, জুনিয়ৰ ট্রান্সলেটৰ–হিন্দী ১টা, লাইব্রেৰী এছিছটেণ্ট ১টা, ষ্টেনোগ্রাফাৰ ১৭টা, ছিনিয়ৰ ছেক্রেটেৰিয়েট এছিছটেণ্ট ৭৯টা, জুনিয়ৰ ছেক্রেটেৰিয়েট এছিছটেণ্টৰ ৩৬টা পদ৷ উল্লিখিত পদ অনুসৰি দৰমহাৰ নিৰিখ– ৫৬,১০০–১,৭৭,৫০০ টকা, ৩৫,৪০০–১,১২,৪০০ টকা, ২৯,২০০–৯২,৩০০ টকা, ২৫,৫০০–৮১,১০০ টকা আৰু ১৯,৯০০–৬৩,২০০ টকা৷ বয়স ২৬ ছেপ্ঢেম্বৰ, ২০২০লৈ ২৭–৩৫ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷
আবেদন মাচুল হিচাপে ৮০০/৫০০ টকা অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এছ চি, এছ টি, দিব্যাংগ, মহিলা আৰু প্রাক্তন কর্মচাৰী প্রার্থীয়ে এই মাচুল পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, মাচুল পৰিশোধ প্রক্রিয়াকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://bis2020.azurewebsites.net/https://bis.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৬ ছেপ্ঢেম্বৰ, ২০২০৷