নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাৰণ্য গৱেষণা প্রতিষ্ঠান, যোৰহাটত ৫ পদ

৩০ অক্টোবৰ আবেদন দাখিলৰ অন্তিম তাৰিখ

বর্ষাৰণ্য গৱেষণা প্রতিষ্ঠান, যোৰহাটত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে– ষ্টোৰ কীপাৰ (১), ফৰেষ্ট গার্ড (১), টেকনিচিয়ান (১), টেকনিচিয়ান প্লাম্বাৰ (১) আৰু ড্রাইভাৰ (১)ৰ পদ৷ ষ্টোৰ কীপাৰ পদৰ প্রার্থী দ্বাদশ উত্তীর্ণ হোৱা হ’ব লাগিব৷ ফৰেষ্ট গার্ড পদৰ প্রার্থী বিজ্ঞান শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ফৰেষ্ট্রী ট্রেইনিঙৰ পাঠ্যক্রম সমাপ্ত কৰা হ’ব লাগিব৷ টেকনিচিয়ান (মেইণ্টেনেঞ্চ) ইলেক্ট্রিচিয়ান আৰু প্লাম্বাৰ পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা আৰু ইলেক্ট্রিচিয়ান আৰু প্লাম্বাৰৰ আই টি আইৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ শেষত ড্রাইভাৰ পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে যান–বাহন চলোৱা অনুজ্ঞা–পত্র থকাৰ উপৰি অতিকমেও ৩ বছৰ যান–বাহন চলোৱাৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ১৮–২৭ বছৰ৷ আবেদন মাচুল হিচাপে ৩০০ টকা ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ যোৰহাট শাখাত বর্ষাৰণ্য গৱেষণা প্রতিষ্ঠান, যোৰহাটৰ হকে পৰিশোধ কৰিব লাগিব৷ পদপ্রত্যাশীসকলে নিযুক্তি বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি আবেদন–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইটwww.icfrc.org/www.rfri.icfrc.org ভিজিট কৰিব পাৰে৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন–পত্রDirector, Rain Forest Research Institute, P.Box. No. 126, Jorhat- 785001, Assam ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ অক্টোবৰ, ২০২০৷ আনহাতে, আন্দামান এণ্ড নিকোবৰ আৰু লাক্ষাদ্বীপৰ প্রার্থীৰ বাবে আবেদনৰ শেষ তাৰিখ ১৬ নৱেম্বৰ, ২০২০৷

You might also like