‘সকলোৰে কষ্ট অথলে গ’ল’, চাকৰি প্ৰত্যাশীৰ ক্ষোভ
নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ বহু প্ৰত্যাশাৰ অন্তত আজি অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা। দুচকুত হাজাৰ সপোন লৈ পৰীক্ষাত বহিছিল হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশী। কিন্তু সকলো অথলে গ’ল। দুঘণ্টা নৌহওঁতেই ফাদিল হ’ল প্ৰশ্নকাকত। চেঁচা পানী পৰিল সকলোৰে আশাত। পুনৰ এটা ভঙা সপোন লৈ পৰীক্ষাগৃহৰ পৰা ওলাই আহিল সকলো।
তাৰ পাছতেই এতিয়া চাৰিওফালে ক্ষোভৰ জুই। ছচিয়েল মিডিয়াত একাংশই নিজৰ ক্ষোভ উজাৰিছে। সকলোৱে একেমুখে গৰিহনা দিয়াৰ লগতে চৰকাৰৰ গৃহ বিভাগক সমালোচনাৰে থকা-সৰকা কৰিছে।
চৰকাৰে এটা পৰীক্ষাও সুকলমে পাতিব নোৱাৰে, আমি বহু দূৰৰ পৰা কষ্ট কৰি পৰীক্ষা দিবলৈ আহিছিলো, উত্তৰ কৰিবলৈ নাপালো বহী লৈ গ’ল। ২০১৮ বৰ্ষতে আৱেদন কৰিছিলো কিন্তু পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল এতিয়া পৰীক্ষা পাতি এই অবস্থা হ’ল বুলি মন্তব্য কৰে একাংশ ক্ষোভিত যুৱক-যুৱতীয়ে। অভিযুক্তই কঠোৰ শাস্তি পোৱাটো বিচাৰিছে।
আনহাতে সমগ্ৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰক্ষী সঞ্চালক প্ৰধানক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ।