নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানক কেন্দ্র কৰি আমেৰিকাৰে ইউৰোপৰ বিবাদ

তেহৰানৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ বিৰোধিতা ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ  ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ নিষেধাজ্ঞাক মানি নলয় ইউৰোপীয় দেশসমূহে৷ ২০১৮ চনৰ মে’ত গুৰুত্বপূর্ণ পাৰমাণৱিক চুক্তিৰ পৰা আমেৰিকাই সমর্থন প্রত্যাহাৰ কৰাৰ পিছত মধ্যপ্রাচ্যৰ ইছলামিক ৰাষ্ট্রখনৰ সৈতে হোৱাইট হাউছৰ মতানৈক্য তীব্রতৰ হৈছে৷ লক্ষণীয়ভাৱে ড’নাল্ড ট্রাম্পে ইৰান আৰু ৬ শক্তিশালী ৰাষ্ট্রৰ মাজত হোৱা পাৰমাণৱিক চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰাৰ উপৰি মধ্যপ্রাচ্যৰ দেশখনৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ শেহতীয়াকৈ আমেৰিকাই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ইৰানৰ বিৰুদ্ধে পুনৰ কঠোৰ নিষেধাজ্ঞা আৰোপৰ দাবী উত্থাপন কৰিছে৷ কিন্তু বিশ্বৰ সর্বোচ্চ সংস্থাটোত আমেৰিকাৰ এই দাবীক নস্যাৎ কৰি ফ্রান্স, জার্মানী আৰু ব্রিটেইনে উল্লেখ কৰিছে যে দুবছৰ পূর্বে ২০১৫ৰ পৰমাণু চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰা আমেৰিকাৰ ইৰানৰ বিৰুদ্ধে নিষেধাজ্ঞা দাবী কৰাৰ কোনো অধিকাৰ নাই৷ তিনিওখন দেশৰ বিদেশমন্ত্রীয়ে এই বিষয়টোত সহমত পোষণ কৰি এক যৌথ বিবৃতিত উল্লেখ কৰিছে যে ইৰানৰ সৈতে সম্পাদিত পৰমাণু চুক্তি বর্তাই ৰখাৰ নিৰলস প্রচেষ্টা চলাই থকা হৈছে৷ ইয়াৰ বিপৰীতে আমেৰিকাই কেৱল ইৰানৰ বিৰুদ্ধে নিষেধাজ্ঞা তীব্রতৰ কৰি পৰিস্থিতি জটিল কৰাৰ চেষ্টা চলোৱা বুলিও অভিযোগ আনিছে তিনিওগৰাকী বিদেশমন্ত্রীয়ে৷

You might also like