নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খালিস্তানী সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তান

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ  পাকিস্তানে শিখ সম্প্রদায়ৰ লোকৰ ওপৰত দেশখনৰ অভ্যন্তৰত ভয়াৱহ আতিশয্য চলাই আহিছে৷ দশকৰ পিছত দশক ধৰি নির্বিচাৰ হত্যা, ধর্ষণ, অপহৰণ আৰু বলপূর্বক শিখ যুৱতীক বিবাহৰ জৰিয়তে দেশখনত সম্প্রদায়টোৰ জনসংখ্যা হ্রাস কৰা পাকিস্তানে কিন্তু খালিস্তানী সন্ত্রাসবাদক ধন আৰু অস্ত্রৰে ইন্ধন যোগাই আহিছে৷ শেহতীয়াকৈ এই অভিযোগ কৰিছে কানাডাৰ এগৰাকী বিশেষজ্ঞ টেৰী মিলিউস্কিয়ে৷ ভাৰতৰ বিৰুদ্ধে পাকিস্তানে খালিস্তানী সন্ত্রাসবাদক ইন্ধন যোগোৱা বুলি বিশেষজ্ঞগৰাকীয়ে এক প্রতিবেদনো যুগুতাইছে৷ ‘খালিস্তানঃ এ প্রজেক্ট অৱ পাকিস্তান’ শীর্ষক প্রতিবেদনত কানাডাৰ বিশেষজ্ঞগৰাকীয়ে প্রত্যক্ষ অভিযোগ কৰি কৈছে যে শিখসকলক গৃহভূমিত নির্যাতন চলোৱা ইছলামাবাদ প্রশাসনে এই শিখৰ জৰিয়তেই ভাৰত ভূমিক ৰক্তাক্ত কৰাৰ পৰিকল্পনা ৰচিছে৷

You might also like