নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাগবছিমি ছিন্থেটিকছ লিমিটেডত শোষণঃ ছিপাঝাৰত ৰাষ্ট্ৰীয় পথ অৱৰোধ

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগ ছিপাঝাৰস্থিত “প্ৰাগ বছিমি ছিন্হেটিকছ লিমিটেড”ত শ্ৰমিক -কৰ্মচাৰীক দীৰ্ঘদিন ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহাৰ প্ৰতিবাদত আজি এমপ্লয়িজ ইউনিয়নে গ্ৰহণ কৰে পথ অৱৰোধ কাৰ্যসূচী।

উদ্যোগটোৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত ছিপাঝাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্র ক্ষোভ আৰু প্ৰতিবাদ সাব্যস্ত কৰে উদ্যোগটোৰ নিয়মীয়া আৰু অনিয়মীয়া কৰ্মচাৰীসকলে। ফলত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ বাবে ব্যাহত হৈ পৰে যাতায়াত।

উল্লেখ্য চৰকাৰৰ সকলো নীতি-নিয়ম জলাঞ্জলি দি প্ৰাগ বছিমিৰ কৰ্তৃপক্ষ‌ই বিগত মাৰ্চ মাহৰ পৰাই বন্ধ ৰাখিছে উদ্যোগটোত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীৰ মাহিলি দৰমহা। মূলতঃ লকডাউনৰ অজুহাত দেখুৱায়ে উদ্যোগ কৰ্তৃপক্ষ‌ই প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰাৰ ফলত পানীত হাঁহ নচৰাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছে কৰ্মচাৰীসকল।

কেৱল এয়ে নহয় বিগত ২০০৬ বৰ্ষৰ মাৰ্চ মাহৰ পৰা ২০২০বৰ্ষৰ জুলাই মাহ পৰ্যন্ত বকেয়া ধনৰাশিও মুকলি কৰি দিয়া নাই উদ্যোগ কৰ্তৃপক্ষ‌ই। উদ্যোগটোৰ শ্ৰমিক-কৰ্মচাৰীসকলে কৰ্তৃপক্ষ‌ক বাৰম্বাৰ দাবী জনোৱাৰ পিছত বিগত ২২জুনত কেৱল দুহেজাৰ পাঁচশ টকাকৈ আদায় দিয়েই দায়িত্ব সামৰে।

বিগত ২৫ আগষ্টত অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰিছিল শ্ৰমিক-কৰ্মচাৰীয়ে। ১ ছেপ্টেম্বৰত উদ্যোগটোৰ এমপ্লয়িজ ইউনিয়ন আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মাজত অসম উদ্যোগিক উন্নয়ন নিগমৰ বিষয়াৰ উপস্থিতিত এলানি আলোচনাও অনুষ্ঠিত হৈছিল। আলোচনাৰ সিদ্ধান্ত অনুসৰি দুই-তিনি দিনৰ ভিতৰত বকেয়া ধনৰ এটা অংশ আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ উদ্যোগিক উন্নয়ন নিগমক নিৰ্দেশো দিছিল মন্ত্ৰী পাটোৱাৰীয়ে। কিন্তু সেয়াও হ’লগৈ ফুটুকাৰ ফেন।

১৯৮৯ চনতে স্হাপিত হোৱা যুটীয়া খণ্ডৰ এই বৃহৎ পলিয়েষ্টাৰ উদ্যোগটোৰ নামত চৰকাৰ তথা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা সকলো সুবিধা গ্ৰহণ কৰাৰ পিছতো শ্ৰমিক-কৰ্মচাৰীসকলক কেৱল প্ৰতাৰণাহে কৰা বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। উল্লেখ্য যে প্ৰাগ বছিমি এমপ্লয়িজ ইউনিয়নৰ আজিৰ পথ অৱৰোধ কাৰ্যসূচীত চিটুৰ বিষয়ববীয়ায়ো অংশগ্ৰহণ কৰে।

You might also like