প্লাজমা দাতাক সম্বর্ধনা–আর্থিক সাহায্য লায়ন্স ক্লাবৰ
নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ ক’ৰোনা সংক্রমণৰ বাবে সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ মাজতে ক’ভিড আক্রান্ত হৈ সুস্থ হোৱাৰ পিছত প্লাজমা দান কৰা ব্যক্তিক আজি সম্বর্ধনা জ্ঞাপন কৰে লায়ন্স ক্লাব অৱ গুৱাহাটী গ্রেটাৰে৷ মহানগৰীৰ হোটেল অৰিয়েণ্টত আয়োজিত এক অনুষ্ঠানত লায়ন্স ক্লাবৰ উদ্যোগত প্লাজমা দান কৰা কেইবাগৰাকীও ব্যক্তিক সম্বর্ধনা জ্ঞাপন কৰা হয়৷ এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ সামাজিক আৰু ন্যায় বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই কয় যে বর্তমানলৈ ক’ভিড–১৯ৰ কোনো ঔষধ অথবা প্রতিষেধক ওলোৱা নাই৷ কিন্তু ক’ভিডত আক্রান্ত হৈ সুস্থ হোৱা ৰোগীৰ প্লাজমাৰ জৰিয়তে আন ৰোগী সুস্থ হৈ উঠিছে৷ সেয়েহে সুস্থ হৈ উঠা লোকসকলক নিশ্চিন্তমনে প্লাজমা দান কৰিবলৈ আহ্বান জনায়৷ একে সময়তে এই মহৎ কার্যৰ বাবে লায়ন্স ক্লাবে লোৱা পদক্ষেপৰ বাবে মন্ত্রীগৰাকীয়ে ২৫ হাজাৰ টকাৰ বৰঙণিও আগবঢ়ায়৷ অনুষ্ঠানৰ আৰম্ভণিতে লায়ন্স ক্লাব অৱ গুৱাহাটী গ্রেটাৰৰ সভানেত্রী নিৰু কাব্রাই আদৰণী ভাষণ আগবঢ়াই কয় যে বর্তমানলৈ তেওঁলোকৰ তৰফৰ পৰা যোগাযোগ কৰি ৮০গৰাকী ক’ভিডত আক্রান্ত হৈ সুস্থ হোৱা লোকৰ প্লাজমা দান কৰিবলৈ সক্ষম হৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান আৰু জিএমচিএইচৰ সহযোগত এই প্লাজমা দাতাসকলৰ পৰা সংগ্রহ কৰা হৈছে প্লাজমা৷ ইয়াৰ বাবে ক্লাবটোৱে গ্রহণ কৰা প্রকল্পৰ অধ্যক্ষ প্রমোদ হৰলালকাই কয় যে ইতিমধ্যে বহুসংখ্যক লোক প্লাজমা দিবলৈ আগবাঢ়ি অহাটো আশাব্যঞ্জক৷ উল্লেখ্য যে বর্তমানলৈ ক্লাবটোৰ উদ্যোগত ৮০জন ব্যক্তিয়ে প্লাজমা দান কৰিছে৷ এই ব্যক্তিসকসক এককালীনভাৱে লায়ন্স ক্লাবে ৫ হাজাৰ টকাৰ আর্থিক সাহায্য প্রদান কৰিছে৷ অনুষ্ঠানত লায়ন্স ক্লাব অৱ গ্রেটাৰ সম্পাদিকা ৰূপা গাগ্গৰ, জিলা জি এছ টি সমন্বয়ক পংকজ পোদ্দাৰ, প্রকল্প উপদেষ্টা কমল জৈনসহ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে