নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামীক লাগে পুত্ৰ সন্তান, চুৰীৰে কাটিলে গৰ্ভৱতী পত্নীৰ পেট

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ এক নাভূত নাশ্ৰুত ঘটনা। এতিয়াও যেন অন্ধকাৰৰ কৰাল গ্ৰাসত একাংশ লোক। কন্যা সন্তান আজিও যেন সমাজৰ পৰা অৱহেলিত, বঞ্চিত। এনে এক কৰণ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

৫গৰাকী কন্যা সন্তানৰ পিতৃ পন্নালাল নামৰ লোকজনে এইবাৰ বিচাৰিছিল পুত্ৰ সন্তান। পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবেই পত্নী অনিতা দেৱীক মানসিক নিৰ্যাতন চলাইছিল পান্নালালে। পাৰিবাৰিক অশান্তিৰ মাজতে ষষ্ঠবাৰৰ বাবে গৰ্ভধাৰণ কৰিছিল পান্নালালৰ পত্নীয়ে। 

কিন্তু পূৰ্বৰ দৰে এইবাৰো কন্যা সন্তান জন্ম হ’ব বুলি আশংকা কৰি পান্নালাল নামৰ পাষণ্ডটোৱে ঘটালে অঘটন। গৰ্ভৱতী পত্নী অনিতাৰ পেট কাটিলে চুৰীৰে। লিংগ পৰীক্ষা কৰিবৰ বাবেই এই কাণ্ড কৰিলে পান্নালালে। চাৰিমহীয়া অন্তঃসত্তা মহিলাগৰাকীৰ চিঞৰত সংকটজনক অৱস্থাত ওচৰ-চুবুৰীয়া ৰাইজে উদ্ধাৰ কৰে মহিলাগৰাকীক। তেজৰে লুতুৰি-পুতুৰি অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও সন্তানসহ মৃত্যুৰে যুঁজিছে অসহায় মহিলাগৰাকীয়ে।

ঘটনাসন্দৰ্ভত এজাহাৰ দাখিল কৰিছে অনিতা দেৱীৰ পৰিয়ালে। ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পান্নালালক।

You might also like