জয়েৰে আৰম্ভণি ৰয়েল চেলেঞ্জার্ছৰ
পাড়িকালৰ চমক, বিস্ফোৰক ডি ভিলিয়ার্ছঃ ১০ ৰানত হাৰিল ছানৰাইজার্ছ
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে চলিত আই পি এলত জয়েৰে অভিযান আৰম্ভ কৰিছে৷ ডুবাইত আজি অনুষ্ঠিত এখন মেচত দলটোৱে ছানৰাইজার্ছ হায়দৰাবাদক ১০ ৰানত পৰাস্ত কৰে৷ ১৬৪ ৰানৰ লক্ষ্যৰ পিছ লৈ ছানৰাইজার্ছে ১৯.৪ অ’ভাৰত ১৫৩ ৰানত আটাইকেইটা উইকেট হেৰুৱায়৷ দলটোৰ হৈ অ’পেনাৰ জ’নী বেয়াৰষ্ট’ই ৬১ আৰু মনীষ পাণ্ডেই ৩৪ ৰান কৰাৰ বাহিৰে আনকেইগৰাকী বেটছমেন সম্পূর্ণৰূপে ব্যর্থ হয়৷ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হৈ তাৰকা স্পিনাৰ য়ুজবেন্দ্র ছাহালে তিনিটা, বেগী বলাৰ নৱদীপ ছাইনী আৰু শিৱম ডুবেই দুটাকৈ উইকেট পায়৷ ইয়াৰ পূর্বে ছানৰাইজার্ছ হায়দৰাবাদৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে নির্ধাৰিত ২০ অ’ভাৰত ৫ উইকেট হেৰুৱাই ১৬৩ ৰান সংগ্রহ কৰে৷ অষ্ট্রেলিয়াৰ তাৰকা বেটছমেন আৰন ফিনছ আৰু কর্ণাটকৰ উদীয়মান অ’পেনাৰ দেৱদূত পাড়িকালে প্রথম উইকেটত ৯০ ৰান যোগ দি দলটোক সুন্দৰ আৰম্ভণি দিবলৈ সক্ষম হয়৷ কিন্তু দলটোৱে কম সময়ৰ ভিতৰতে পাড়িকাল আৰু ফিনছৰ উইকেট হেৰুৱায়৷ আই পি এলত অভিষেক ঘটোৱা বাঁওহতীয়া অ’পেনাৰ পাড়িকালে ৪২ বলৰ সন্মুখীন হৈ আঠটা বাউণ্ডেৰীৰ সহায়ত ৫৬ ৰানৰ বৰঙণি আগবঢ়ায়৷ ফিনছে ২৭ বলত এটা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰীৰে ২৯ ৰান কৰে৷ ইয়াৰ পিছতে উইকেটলৈ আহে অধিনায়ক বিৰাট কোহলি আৰু এবি ডি ভিলিয়ার্ছ৷ দুয়োগৰাকীয়ে তৃতীয় উইকেটত ৩৩ ৰান যোগ দিয়াৰ সময়তে কোহলি ব্যক্তিগত ১৪ ৰানত পেভিলিয়নমুখী হয়৷ অৱশ্যে আনটো এণ্ডত ডি ভিলিয়ার্ছে বিস্ফোৰক বেটিঙেৰে আৰ চি বিৰ ইনিংছ আগুৱাই নিয়ে৷ তেওঁ ৩০ বলত চাৰিটা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰীৰে ৫১ ৰান সংগ্রহ কৰি অন্তিম অ’ভাৰত দুর্ভাগ্যজনকভাৱে ৰানআউট হয়৷ ছানৰাইজার্ছ হায়দৰাবাদৰ হৈ টি নটৰাজন, বিজয় শংকৰ আৰু অভিষেক শর্মাই এটাকৈ উইকেট দখল কৰে৷ উল্লেখ্য যে বিগত তিনি বছৰৰ মূৰত আৰ চি বিয়ে আই পি এলত আজি জয়েৰে অভিযান আৰম্ভ কৰিছে৷