সন্মুখত শক্তিশালী চেন্নাইঃ আজি অভিযান আৰম্ভ কৰিব ৰাজস্থান ৰয়েলছে
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ অধিকাংশ বিদেশী তাৰকাৰ অনুপস্থিতিয়ে সমস্যাত পেলোৱা ৰাজস্থান ৰয়েলছে আজি ত্রয়োদশ সংস্কৰণৰ আই পি এলত অভিযান আৰম্ভ কৰিব৷ শ্বাৰজাহত অনুষ্ঠিত হ’বলগীয়া মেচখনত দলটোৰ প্রতিদ্বন্দ্বী হ’ব শক্তিশালী চেন্নাই ছুপাৰ কিংছ৷ মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই দলটোৱে প্রতিযোগিতাৰ উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকাৰ বিপৰীতে কেইবাগৰাকীও তাৰকাৰ অনুপস্থিতিত ৰাজস্থান ৰয়েলছৰ শিবিৰত উদ্বিগ্ণতা বিৰাজ কৰিছে৷
উল্লেখ্য যে দলটোৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছ সম্প্রতি অসুস্থ পিতৃৰ সৈতে নিউজিলেণ্ডত আছে৷ তেওঁ আই পি এলৰ মাজভাগতহে ৰাজস্থান ৰয়েলছৰ শিবিৰত যোগ দিয়াৰ সম্ভাৱনা আছে৷ একেদৰে ইংলেণ্ডৰ তাৰকা অ’পেনাৰ জ’ছ বাটলাৰ আৰু অষ্ট্রেলিয়াৰ তাৰকা বেটছমেন তথা দলটোৰ অধিনায়ক ষ্টিভেন স্মিথক লৈ ৰাজস্থান ৰয়েলছ আশাবাদী আছিল যদিও দুয়োগৰাকীয়ে প্রথমখন মেচত অংশ লোৱাৰ সম্ভাৱনা একেবাৰে ক্ষীণ৷ বাটলাৰে পৰিয়ালৰ সৈতে ডুবাইত পলমকৈ উপস্থিত হোৱাৰ বাবে প্রথম মেচৰ পূর্বে তেওঁৰ ৩৬ ঘণ্টাৰ কোৱাৰেণ্টাইন সম্পূর্ণ নহ’ব৷ ইফালে, ইংলেণ্ডৰ বিৰুদ্ধে প্রথম এদিনীয়াৰ পূর্বে মূৰত আঘাতৰ সন্মুখীন হোৱা স্মিথ এতিয়াও সম্পূর্ণৰূপে সুস্থ হৈ উঠা নাই৷ যদিহে তেওঁ কাইলৈ খেলিব নোৱাৰে, তেন্তে দক্ষিণ আফ্রিকাৰ বিস্ফোৰক বেটছমেন ডেভিদ মিলাৰে ৰাজস্থানক নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে৷ বেটিঙত দলটোৱে মিলাৰৰ লগতে সঞ্জু ছেমছন, ৰবীন উথাপ্পা, ৰিয়ান পৰাগ, যশস্বী জয়ছোৱাল আৰু মনন ভোৰাৰ ওপৰত নির্ভৰ কৰিব৷