নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ বলীউডৰ জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ সৈতে ড্রাগ্ছৰ সম্পর্ক থকা বিষয়টো সন্দর্ভত তদন্ত চলাই থকা নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ (এনচিবি)ৰ সন্মুখত আজি অভিনেত্রী ৰাকুল প্রীত সিঙে ইতিমধ্যে গ্রেপ্তাৰ হোৱা ৰিয়া চক্রৱর্তীৰ সৈতে ড্রাগ্ছ সন্দর্ভত ছ’চিয়েল মিডিয়াযোগে বিভিন্ন মত বিনিময় হোৱা বুলি স্বীকাৰ কৰিছে৷ অৱশ্যে অভিনেত্রীগৰাকীয়ে কেতিয়াও ড্রাগ্ছ সেৱন কৰা নাছিল বুলি ঘোষণা কৰিছে এনচিবিৰ তদন্তকাৰী বিষয়াৰ ওচৰত৷ চাৰি ঘণ্টাতকৈ অধিক সময় ধৰি আজি এনচিবিয়ে ৰাকুল প্রীত সিঙক জেৰা কৰে৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ সৈতে ড্রাগ্ছৰ সম্পর্ক থকাটো ইতিমধ্যে নিশ্চিত কৰিছে এনচিবিয়ে৷ ইফালে, কাৱান (কেডব্লিউএএন) টেলেণ্ট মেনেজমেণ্ট কোম্পানীৰ কৰিশ্মা প্রকাশে শুকুৰবাৰে এনচিবিৰ আগত সদৰী কৰিছে যে অভিনেতা দীপিকা পাডুকনৰ এক হোৱাটছএপ গ্রুপ আছিল, যিয়ে ড্রাগ্ছ সন্দর্ভত বিভিন্ন মত বিনিময় কৰিছিল৷ এই হোৱাটছএপ গ্রুপটোৰ এডমিন আছিল অভিনেত্রী দীপিকা পাডুকন৷ এই গ্রুপটো তিনিগৰাকী সদস্যই পৰিচালনা কৰিছিল৷ তেওঁলোক আছিল জয়া সাহা, কৰিশ্মা প্রকাশ আৰু দীপিকা পাডুকন৷ ২০১৭ চনত মুকলি কৰা হৈছিল এই হোৱাটছএপ গ্রুপটো৷ লক্ষণীয়ভাৱে ৰিয়া চক্রৱর্তীৰ সৈতেও ড্রাগ্ছ সন্দর্ভত বিভিন্ন মত বিনিময় হৈছিল বুলি স্বীকাৰ কৰিছে কৰিশ্মা প্রকাশে৷ প্রায় ৭ ঘণ্টা ধৰি কৰিশ্মা প্রকাশক আজি এনচিবিয়ে জেৰা কৰে৷ লক্ষণীয়ভাৱে কাইলৈ দীপিকা পাডুকন, ছাৰা আলী খান আৰু শ্রদ্ধা কাপুৰক একেটা গোচৰৰ তদন্তৰ বাবে জেৰাৰ সন্মুখীন হ’বলৈ এনচিবিয়ে জাননী জাৰি কৰিছে৷ কাইলৈ তিনিগৰাকী অভিনেত্রী এই জেৰাৰ অগ্ণিপৰীক্ষা সদৃশ হ’ব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ ইতিমধ্যে তিনিওগৰাকী অভিনেত্রীক জেৰাৰ বাবে এনচিবিয়ে সাজু কৰিছে এলানি প্রশ্ন।