নলবাৰীত কুলদীপ ৰাজবংশীৰ বিস্ফোৰণ–কেলেংকাৰিত বহু ৰাজনৈতিক ব্যক্তি জড়িত
নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ সমগ্র ৰাজ্য কঁপাই যোৱা অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি কেলেংকাৰিৰ শিপাডাল নলবাৰী জিলালৈ বিস্তাৰিত হোৱাৰ পাছত এতিয়া ইয়াৰ আঁৰৰ বহু ন ন তথ্য পোহৰলৈ আহিব ধৰিছে৷ কেলেংকাৰিৰ লগত জড়িত ইজনৰ পাছত সিজনকৈ অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ লগতে ইতিমধ্যে নৱ ভাৰত নির্মাণ নামৰ এটা অখ্যাত সংগঠনৰ ৰাজ্যিক সভাপতি কুলদীপ ৰাজবংশীক বৃহস্পতিবাৰে নলবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ জেৰাকালত ৰাজবংশীয়ে সদৰী কৰিছে কেতবোৰ বিস্ফোৰক তথ্য৷
নলবাৰী আৰক্ষীয়ে কুলদীপ ৰাজবংশীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪২০/৪১৮/৪০৬ নম্বৰ ধাৰাৰ অধীনত ৫০৭/২০২০ নম্বৰত গোচৰ ৰুজু কৰি নলবাৰী আদালতত হাজিৰ কৰাৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত পোনপ্রথমবাৰৰ বাবে মুখ খুলিছে আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিত নাম সাঙোৰ খোৱা ৰাজবংশীয়ে৷ নিজকে নির্দোষী বুলি কোৱাৰ লগতে তেওঁক ফচোৱা হৈছে বুলি দাবী কৰে ৰাজবংশীয়ে৷ কুমুদ গোস্বামী নামৰ ব্যক্তিজনে তেওঁক ফচোৱা বুলি কোৱাৰ লগতে বহু ৰাজনৈতিক ব্যক্তি জড়িত আছে বুলিও ব্যক্ত কৰে ৰাজবংশীয়ে৷ উল্লেখ্য যে নলবাৰীৰ সন্ধেলী নিৱাসী তথা কৃষি বিভাগৰ গ্রামসেৱক কুমুদ গোস্বামীৰ নাম এই বিয়াগোম কেলেংকাৰিত সর্বাধিক চর্চিত হোৱাৰ পাছতেই সম্প্রতি পলাতক হৈ আছে৷ কুমুদ গোস্বামীৰ সন্ধানত নলবাৰী আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই আছে৷
ইফালে ধৃত ৰাজবংশীক নলবাৰী আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰখাৰ সমান্তৰালকৈ কালি নলবাৰী চহৰৰ মমাত নগৰত থকা বাসগৃহতো নলবাৰী আৰক্ষীয়ে কেইবাঘণ্টাজোৰা তালাচী অভিযান চলাই পৰিবহণ বিভাগৰ এডমিট কার্ড, কেইবাটাও বেংক পাছবুক, বেংক ডিমাণ্ড ড্রাফ্ট আৰু ধনৰ লেনদেনৰ হিচাপ–পত্র জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে প্রায় ২৪খন ছিম কার্ড আৰু ক’চ্চিং চেণ্টাৰৰ কিছু তথ্য আৰু চাকৰিপ্রত্যাশীৰ তথ্য জব্দ কৰে৷ আনহাতে, জিলাখনৰ বেলশৰ আৰক্ষীয়ে আজি তিনিজন অভিযুক্তক আটক কৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে এই বাতৰি যুগুতোৱাৰ পৰলৈকে আটকাধীন যুৱক তিনিজন সন্দর্ভত আৰক্ষীয়ে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷
উল্লেখ্য যে পূর্বেও বিভিন্ন কেলেংকাৰিত জড়িতৰ অভিযোগ থকা কুমুদ গোস্বামীৰ ম’বাইল ফোনৰ কল লিষ্ট অনুসৰি আৰক্ষীয়ে এছ আইৰ প্রশ্ণকাকত ফাদিলৰে জড়িতৰ সন্ধানত নলবাৰী জিলাত ইতিমধ্যে অভিযান তীব্রতৰ কৰি তুলিছে৷ জানিব পৰা মতে, কালি সন্ধিয়া মাখিবাহা গাঁও পঞ্চায়তৰ বিজেপিৰ নির্বাচিত সভাপতি নৱ কুমাৰ শর্মাক আৰক্ষীয়ে সোধা–পোছাৰ বাবে আনি নিশাৰ ভাগত ঘৰলৈ যাবলৈ দিয়ে৷ বহুবিতর্কিত গোস্বামীৰ লগত সম্পর্ক আছে পঞ্চায়ত সভাপতিজনৰ৷ তদুপৰি কুমুদ গোস্বামীৰে ঘনিষ্ঠ হাৰিভাঙাৰ পশ্চিমকুছিৰ অনুপ হালৈও এই নিযুক্তি কেলেংকাৰিত জড়িত থকা বুলি ব্যাপক চর্চা হৈছে৷