নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ আই পদৰ লিখিত পৰীক্ষাৰ পূর্বে ৰাজ্যৰ বিভিন্ন স্থান ভ্রমণ কৰিছিল পি কে দত্তই

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃঅসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ লিখিত পৰীক্ষাৰ পূর্বে ৰাজ্যৰ বিভিন্ন স্থান ভ্রমণ কৰিছিল পি কে দত্তই৷ ভ্রমণৰ সময়ত পি কে দত্তই তেওঁৰ ‘চেনেল’ৰ জৰিয়তে সমগ্র ৰাজ্যত উপ–পৰিদর্শক পদৰ বাছনি পৰীক্ষাত বহিব লগা প্রার্থীক লগ ধৰি ধন সংগ্রহৰ অভিযান চলাইছিল বুলি সর্বত্র চর্চা চলিছে৷ সম্প্রতি পলাতক অৱস্থাত থকা পি কে দত্ত যোৱা ৩১ আগষ্টত ডিব্রুগড়লৈ আহিছিল বুলি তথ্য লাভ কৰিছে ডিব্রুগড় আৰক্ষীয়ে৷ উল্লেখ্য যে ডিব্রুগড় আৰক্ষীয়ে কালি ডিব্রুগড়ৰ পশ্চিম মিলন নগৰস্থিত পি কে দত্তৰ শহুৰেকৰ ঘৰত তালাচী চলোৱাৰ লগতে প্রাথমিক সোধা–পোছাৰ বাবে আটক কৰিছিল খুলশালিয়েক কাশ্যপ অভিনন্দন কাকতিক৷ ইয়াৰ উপৰি পলাতক পি কে দত্তৰ সন্ধানত ডিব্রুগড় চহৰৰ কেইবাটাও স্থানত ডিব্রুগড় আৰক্ষীয়ে অভিযান চলাইছিল৷

জানিব পৰা মতে, পি কে দত্ত যোৱা ৩১ আগষ্টত ডিব্রুগড়লৈ আহি ঘূৰি গৈছিল ৫ ছেপ্ঢেম্বৰত৷ এই সময়ছোৱাত পি কে দত্তই শহুৰেকৰ ঘৰত বাহৰ পাতি ডিব্রুগড়, তিনিচুকীয়া, শিৱসাগৰ আদি ঠাই ভ্রমণ কৰাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ আনহাতে, পি কে দত্তৰ সন্ধানত অভিযান চলাই ডিব্রুগড় আৰক্ষীয়ে বহু বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে যদিও তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ আগত প্রকাশ কৰাৰ পৰা বিৰত আছে৷ পি কে দত্তই ডিব্রুগড়ৰো বহুকেইজন প্রার্থীৰ পৰা ধন সংগ্রহ কৰাৰ তথ্য ডিব্রুগড় আৰক্ষীয়ে লাভ কৰিছে আৰু শীঘ্রে ধন দিয়া প্রার্থীসকলৰ বিৰুদ্ধেও তদন্ত আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে৷

You might also like