নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাখ লাখ চাকৰি প্রার্থীৰ ভৱিষ্যৎ অন্ধকাৰ

চকী এৰিলে নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্রদীপ কুমাৰে

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   টকা আৰু ভুৱা প্রতিশ্রুতিৰে কোনেও অসম আৰক্ষীত চাকৰি দিব নোৱাৰে৷ কেৱল যোগ্যতা আৰু নিযুক্তি পৰীক্ষাত ভাল প্রদর্শনেৰেহে চাকৰি পোৱাটো সম্ভৱ৷’ –ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ ৱেবছাইটত সদায়ে জিলিকি থাকে এই দুটা বাক্য৷ ইয়াকে সঁচা বুলি ভাবি ৰাজ্যৰ লাখ লাখ নিবনুৱাই এটা চৰকাৰী চাকৰিৰ আশাত প্রতিদিনে অক্লান্ত পৰিশ্রম কৰি যায়৷ পৰীক্ষাৰ দিন চমু চাপি আহে৷ নিযুক্তি পৰীক্ষাৰ প্রস্তুতিত চাকৰি প্রার্থীসকলে দিন–ৰাতি একাকাৰ কৰি দিয়ে৷ কিন্তু সকলোৰে পৰিশ্রম–প্রস্তুতিত চেঁচাপানী ঢ়ালি আগতীয়াকৈ বজাৰত বিক্রী হয় প্রশ্ণকাকত৷ ৰাজনৈতিক ছত্রছায়াত প্রশ্ণকাকতৰ বজাৰ বহে৷ নেতা, আমোলাৰ ঘৰত, হোটেলত প্রশিক্ষণৰ নামত চাকৰি বিক্রীৰ দোকান চলে৷ শেহতীয়াকৈ অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি কেলেংকাৰিয়ে ৰাজ্যত দীর্ঘদিন ধৰি চলি অহা এই বৃহৎ অনিয়মৰ কথা জলজল–পটপটকৈ উদঙাই দিছে৷ আৰক্ষী নিযুক্তিৰ এনে অক্ষমণীয় বেমেজালিয়ে সমগ্র ৰাজ্যতে জোকাৰণি সৃষ্টি কৰিছে৷ ধুমুহা বলিছে ৰাজ্য চৰকাৰ আৰু প্রশাসনৰ ভিতৰচ’ৰাত৷ শাসকীয় দলৰ নেতাৰ পৰা আৰম্ভ কৰি অসম আৰক্ষীৰ শীর্ষ বিষয়ালৈ সকলোৰে নাম এই কেলেংকাৰিত সাঙোৰ খাই পৰাৰ পাছত চৰম অস্বস্তিৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ৷ একে সময়তে ৰাজ্যখনৰ চাকৰিপ্রত্যাশী হাজাৰ হাজাৰ নিবনুৱাৰ সন্মুখলৈ নামি আহিছে ঘনঘোৰ অন্ধকাৰ৷ ইয়াৰ মাজতে দেওবাৰে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষৰ চকী এৰিছে প্রাক্তন আই পি এছ বিষয়া প্রদীপ কুমাৰে৷ ৫৯৭টা উপ–পৰিদর্শক পদৰ নিযুক্তিৰ ক্ষেত্রত সংঘটিত অনিয়মৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি  প্রদীপ কুমাৰে এক বিবৃতিত কয়– ‘মেধা আৰু যোগ্যতাৰ ভিত্তিত ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকলে যাতে কর্মসংস্থাপনৰ সুযোগ লাভ কৰে, তাৰ বাবে অসম চৰকাৰে মোৰ ওপৰত ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষৰ দায়িত্ব অর্পণ কৰিছিল৷ সম্পূর্ণ স্বচ্ছতাৰে যাতে নিযুক্তি প্রক্রিয়া সম্পন্ন হয়, তাৰ বাবে মই সততা, নিষ্ঠা আৰু দায়বদ্ধতাৰে দায়িত্ব পালন কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছিলোঁ৷ কিন্তু এটা দুষ্টচক্রৰ ষড়যন্ত্রৰ বাবে শেহতীয়াকৈ অনুষ্ঠিত আৰক্ষী বিভাগৰ উপ–পৰিদর্শক পদৰ চাকৰিত বিসংগিত সংঘটিত হ’ল৷ ইয়াৰ বাবে পৰীক্ষাত অৱতীর্ণ হোৱা প্রার্থীসকল আশাহত হোৱাৰ লগতে বহু কষ্টৰ সন্মুখীন হ’বলগীয়া হ’ল৷ তাৰ বাবে মই প্রার্থীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছোঁ৷ মোৰ চাকৰি জীৱনৰ সুদীর্ঘ কালছোৱাত মই কোনো দিন এনে ব্যর্থতাৰ সন্মুখীন হোৱা নাছিলোঁ৷ সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰাত ব্যর্থ হোৱা বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি মই ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি লৈছোঁ৷’

উল্লেখ্য যে ৫৯৭টা আৰক্ষী উপ–পৰিদর্শকৰ পদৰ বাবে ৬৬ হাজাৰ প্রার্থীয়ে আবেদন কৰিছিল৷ কিন্তু প্রশ্ণকাকত ফাদিল হোৱা বাবে এই পৰীক্ষা বাতিল কৰা হয়৷ এইক্ষেত্রত ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ ভূমিকাও সন্দেহৰ আৱর্তত সোমাই পৰে৷ একেখন ব’ডকে এমাহৰ ভিতৰত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্রীয়ে দিয়া নির্দেশক কেন্দ্র কৰি বিৰূপ প্রতিক্রিয়া সৃষ্টি হয়৷ তাৰ পাছতে আজি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰে পদত্যাগ কৰে৷ কিন্তু ইয়াৰ লগে লগে আৰক্ষী নিযুক্তি ব’র্ডে অনুষ্ঠিত কৰা পৰীক্ষাৰ বাবে আবেদন জনোৱা লাখ লাখ নিবনুৱাও গভীৰ অনিশ্চয়তাৰ মুখামুখি হৈছে৷ অধ্যক্ষৰ পদত্যাগৰ লগে লগে নিযুক্তি ব’ডখন কার্যতঃ মুৰব্বীবিহীন হৈ পৰিল৷ নতুন অধ্যক্ষৰ নিযুক্তি হ’লেও তেওঁ কাম–কাজ বুজি ল’বলৈকে দীঘলীয়া সময়ৰ প্রয়োজন হ’ব৷ এনে পৰিস্থিতিত সোনকালে ৫৯৭টা উপ–পৰিদর্শক পদৰ পুনৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱাৰ কোনো আশাই নাই৷ তদুপৰি অসম আৰক্ষীৰ ৬,৬৬২টা কনিষ্টবল পদৰ নিযুক্তি প্রক্রিয়াও জিলাই জিলাই চলি আছে৷ ২,৩৯১টা নিৰস্ত্র আৰু ৪,২৭১টা সশস্ত্র কনিষ্টবল পদৰ নিযুক্তি প্রক্রিয়া পৰিচালনা কৰিছে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে৷ এতিয়া অধ্যক্ষ প্রদীপ কুমাৰৰ পদত্যাগৰ পাছত কনিষ্টবল পদৰ নিযুক্তি প্রক্রিয়াই কি গতি লয়, তাক লৈ আশংকাত ভুগিছে প্রার্থীসকল৷ কনিষ্টবল পদৰ চাকৰিৰ বাবে শাৰীৰিক পৰীক্ষাত অৱতীর্ণ হোৱা ৪.১৩ লাখ প্রার্থীৰ সন্মুখত নিযুক্তি ব’ৰ্ডৰ অচলাৱস্থা এক উত্তৰবিহীন প্রশ্ণ হৈ পৰিছে৷

কেৱল আৰক্ষীয়েই নহয়, আন বহু বিভাগৰো নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত আছিল ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড৷ ব’র্ডে যোৱা ২৭ ছেপ্ঢেম্বৰত অর্থনৈতিক আৰু পৰিসংখ্যা বিভাগৰ উপ–পৰিদর্শক, কনিষ্ট সহায়ক, প্রাইমাৰী ইনভেষ্টিগেটৰ, ক্ষেত্র পৰিদর্শকৰ ১৩৩টা পদৰ, ১৫ ছেপ্ঢেম্বৰত নিয়োগ সঞ্চালকালয়ৰ তৃতীয় আৰু চতুর্থবর্গৰ ৪৪৪টা পদৰ, ৫ ছেপ্টেম্বৰত  কর্মচাৰী শাখাৰ চতুর্থবর্গৰ ১৩৩টা পদৰ, শ্রম বিভাগৰ তৃতীয়বর্গৰ ৩২টা, গৃহৰক্ষী বাহিনীৰ প্লাটুন কমাণ্ডাৰৰ ২৫টা পদৰ, ১৭ আগষ্টত পৰিবহণ বিভাগৰ বিভিন্ন বর্গৰ ২২৫টা পদৰ, ১২ জুলাইত আবকাৰী বিভাগৰ সহকাৰী পৰিদর্শক আৰু কনিষ্টবলৰ ২০৩টা পদৰ, অসামৰিক প্রতিৰক্ষা বাহিনীৰ ৭টা পদৰ, ৮ জুলাইত অসামৰিক প্রতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ ৪৫১টা পদৰ, ২৪ জুনত বন বিভাগৰ ফৰেষ্টাৰৰ পৰা আৰম্ভ কৰি ১,০৮১টা পদৰ আৰু ২১ মার্চত অসম আৰক্ষীৰ তৃতীয়বর্গৰ ১৪৬টা পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ ইয়াৰ বাহিৰেও আন বহু বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছিল আৰক্ষী নিযুক্তি ব’ৰ্ডক৷ মুঠ ৩২টা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে যোৱা ১ ছেপ্টেম্বৰত ঠিকাদাৰী প্রতিষ্ঠানৰ পৰা নিবিদাও আহ্বান কৰিছিল৷

আজি নিবিদা দাখিলৰ অন্তিম দিন৷ জানিব পৰা মতে, আটাইবোৰ বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ঠিকা হস্তগত কৰাৰ বাবে এইবাৰো প্রাঞ্জল বৰুৱাৰ এমেইনটেক কনচালটেণ্ট আৰু ৰুবুল আলীৰ অক্ষয় টেলি কমিউনিকেচনে সকলো ধৰণৰ কূটকৌশল ৰচনা কৰিছে৷ এনে পৰিস্থিতিত প্রদীপ কুমাৰে পদত্যাগ কৰিলেও আকৌ নিযুক্তিৰ ঠিকা এমেইনটেক আৰু অক্ষয়ৰ হাতলৈকে যাব৷ প্রদীপ কুমাৰৰ পদত্যাগৰ পাছত যিদৰে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড মুৰব্বীবিহীন হৈ পৰিছে, তেনেদৰেই বহু বিতর্কিত ঠিকাদাৰী প্রতিষ্ঠানকেইটা আকৌ এবাৰ নিযুক্তি প্রক্রিয়াত উঠিৰজা–বহিৰজা হৈ পৰাৰ উপক্রম হৈছে৷ স্বাভাৱিকতে আৰক্ষী নিযুক্তি ব’র্ডে অনুষ্ঠিত কৰা কেইবাসহস্র পদৰ নিযুক্তি পৰীক্ষাত অৱতীর্ণ হোৱা লাখ লাখ নিবনুৱাৰ ভৱিষ্যৎ অন্ধকাৰৰ মাজত সোমাই পৰিছে৷ ইফালে ধাৰাবাহিকভাৱে কেইবাটাও নিযুক্তি পৰীক্ষাত অনিয়ম সংঘটিত কৰা এমেইনটেক কনচালটেণ্ট, অক্ষয় টেলি কমিউনিকেচনৰ দৰে প্রতিষ্ঠানক এতিয়াও কিয় ব্লেকলিষ্টেড কৰা হোৱা নাই, সেয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে৷ নিযুক্তি কেলেংকাৰিত অভিযুক্ত স্থানীয় ঠিকাদাৰী প্রতিষ্ঠানসমূহৰ প্রতি ৰাজ্য চৰকাৰৰ অহৈতুক দৰদৰ বিষয়টোৱে এতিয়া নিযুক্তিৰ ক্ষেত্রত চৰকাৰৰ স্বচ্ছতাৰ ওপৰতে প্রশ্ণ উত্থাপন কৰিছে৷

You might also like