নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিবনক সুৰক্ষা দি আছে দিছপুৰৰে শক্তিশালী শীর্ষ চক্রই

নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   এছ আই নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড দিবন ডেকাক সুৰক্ষা দিছে কোনে? এই মুহূর্তত সেইটোৱেই হৈ পৰিছে গুৰুত্বপূর্ণ প্রশ্ন যোৱা ২০ ছেপ্টেম্বৰত অনুষ্ঠিত এছ আই নিযুক্তিৰ লিখিত পৰীক্ষাৰ প্রশ্ন কাকত ফাদিল হোৱাৰ পাছতেই ইয়াৰ সৈতে জড়িত দিবন ডেকাক জেৰা কৰিছিল অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা, চমুকৈ চি আই ডিয়ে৷ নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্রদীপ কুমাৰে নিজে এজাহাৰ দাখিল কৰিছিল দিবন ডেকাৰ বিৰুদ্ধে৷ সেইজন দিবন ডেকাকে সামান্য জেৰাৰ পাছতে চি আই ডিয়ে মুকলি কৰি দিয়াৰ ৰহস্য কি? চি আই ডিৰ জেৰাৰ পাছত নিৰুদ্দিষ্ট হৈ পৰা এছ আই নিযুক্তি কেলেংকাৰিৰ মূল খলনায়কজনে নিজ ফেচবুক একাউণ্টত পোষ্ট দি চাফাই দিয়াৰ পাছতো সেই ফেচবুক একাউণ্ট বা ম’বাইলৰ লোকেচন চি আই ডিয়ে উদ্ধাৰ কৰিব নোৱাৰাৰ ৰহস্য ক’ত? এছ আই নিযুক্তি কেলেংকাৰিৰ তদন্তৰ নামত য’তে–ত’তে আৰক্ষীয়ে তালাচী অভিযান চলাই থকাৰ সময়ত সবাতোকৈ গুৰুত্বপূর্ণ হৈ পৰিছে এইসমূহ প্রশ্ন৷ ইয়াৰ জৰিয়তেই দিবন ডেকাক যে এক শক্তিশালী চক্রই ৰক্ষণাবেক্ষণ দিয়াত নামি পৰিছে, সেয়া স্পষ্ট হৈ পৰিছে৷

অভিযোগ অনুসৰি দিছপুৰৰ এক প্রভাৱশালী চক্রই নিবিচাৰে দিবন ডেকাৰ গ্রেপ্তাৰ৷ এই চক্রটোৱেই এতিয়া সুৰক্ষা দিছে এছ আই নিযুক্তি কেলেংকাৰিৰ মূল খলনায়কজনক৷ তথ্য অনুসৰি দিছপুৰৰ এই প্রভাৱশালী চক্রটোৰ সৈতে দিবন ডেকাৰ ঘনিষ্ঠতা বৃদ্ধি পাইছিল শেহতীয়াকৈ সম্পন্ন হোৱা জনসংযোগ বিভাগৰ নিযুক্তি আৰু যোৱা বর্ষত হৈ যোৱা পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নিযুক্তি প্রক্রিয়াৰ পাছৰ পৰাই৷ উল্লেখ্য যে এই দুয়োটা বিভাগৰে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা ব্যক্তিগত প্রতিষ্ঠানকেইটাৰ স্থানীয় প্রতিনিধি আছিল এছ আই নিযুক্তিৰ সৈতে সাঙোৰ খাই পৰা দিবন ডেকাৰ ফার্মকেইখন৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত দিবন ডেকাই নলবাৰীৰ একাংশ ঘনিষ্ঠ লোকক বক্র পথেৰে নিযুক্তি দিবলৈ সক্ষম হোৱাৰ উপৰি পূৰণ কৰিছিল একাংশ বিজেপি নেতাৰ ফর্মাইছ৷

আনহাতে, জনসংযোগ বিভাগৰ এটা পদত ভুৱা প্রমাণ–পত্র দাখিল কৰি পত্নীকো নিযুক্তি দিবলৈ সক্ষম হৈছিল দিবন ডেকাই৷ আনহাতে, মুখ্যমন্ত্রী কার্যালয়ৰ এজন অস্থায়ী বিশেষ কর্মৰত বিষয়াৰ ৫জনকৈ প্রার্থীক জনসংযোগ বিভাগত নিযুক্তি দিয়াৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিছিল দিবন ডেকাই৷ সেই সূত্রেই মুখ্যমন্ত্রী কার্যালয়ৰ সৈতেও সম্পর্ক স্থাপন কৰিবলৈ সক্ষম হয় এছ আই নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ডজনে৷ ইয়াৰ পাছতেই দিবন ডেকা পৰিচিত হৈ পৰে বক্র পথেৰে নিযুক্তি দিব পৰা ‘যোগ্য’ ব্যক্তি হিচাপে৷ এনে পৰিচয়ে দিবন ডেকাক ঘনিষ্ঠ কৰি তোলে বর্তমান চৰকাৰৰ বহুকেইজন প্রভাৱশালী ব্যক্তিৰ সৈতে৷ এইক্ষেত্রত দিবন ডেকাৰ শাসকীয় বিজেপিৰ সৈতে দীর্ঘদিনৰ সম্পর্কও অন্যতম কাৰণ হৈ পৰে৷ সেই বাবেই এতিয়া দিবন ডেকাৰ গ্রেপ্তাৰ হৈ পৰিছে অসম আৰক্ষীৰ বাবেও আন এক অগ্নি পৰীক্ষা৷ বিজেপি নেতৃত্বাধীন মিত্রদলৰ চৰকাৰখনৰ কার্যকালত সম্পন্ন হোৱা বিভিন্ন বিভাগীয় নিযুক্তিৰ ক্ষেত্রত দিবন ডেকাৰ ভূমিকা পর্যালোচনা কৰিলেহে এই খলনায়কজন কিদৰে এছ আই নিযুক্তিৰ কেলেংকাৰিৰ সৈতে জড়িত হৈ পৰিল, সেয়া স্পষ্ট হৈ পৰিব৷ কিন্তু দিছপুৰৰ এই প্রভাৱশালী চক্রটোৰ হেঁচাত এই বিষয়সমূহ আৰক্ষীৰ তদন্তৰ আওতালৈ আহিব নে নাহে, সেয়া হৈ পৰিছে এই মুহূর্তত বৃহৎ প্রশ্ন৷

You might also like