নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ দুর্নীতিৰ সদাগৰ, আৰক্ষীৰ এছ আই পদৰ পৰীক্ষাৰ কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড তথা অৱসৰপ্রাপ্ত মহাপৰিদর্শক পি কে দত্ত মালিকানাধীন মহানগৰীৰ পল্টন বজাৰস্থিত ভার্গৱ ইন হোটেলখন দেওবাৰে ক্রাইম ব্রাঞ্চে ছীল কৰি দিয়ে৷ উল্লেখ্য যে দুদিন পূর্বে এই হোটেলখনত চি আই ডিৰ এটা দলে অভিযান চলাইছিল৷ ইয়াৰ পাছতে দেওবাৰে মহানগৰী আৰক্ষীৰ ক্রাইম ব্রাঞ্চে এই হোটেলখন ছীল কৰি দিয়া বিষয়টো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ পি কে দত্ত মালিকানাধীন এই হোটেলখন ক্রাইম ব্রাঞ্চে কি কাৰণে ছীল কৰিলে, সেই বিষয়ে তদন্তকাৰী সংস্থাটোৱে সংবাদ মাধ্যমৰ আগত কোনো কথা সদৰী কৰা নাই যদিও এছ আই পদৰ পৰীক্ষা কেলেংকাৰিত এই হোটেলখনৰ কিবা সংযোগ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে৷ ইফালে ক্রাইম ব্রাঞ্চৰ দলে পল্টন বজাৰস্থিত হোটেলখন ছীল কৰাৰ পাছতে মহানগৰীৰ গণেশগুৰিস্থিত পি কে দত্ত মালিকানাধীন ভার্গৱ হোটেলতো অভিযান চলায়৷ ক্রাইম ব্রাঞ্চে অভিযান চলাই হোটেলখনৰ নথিপত্র পৰীক্ষা কৰাৰ লগতে এছ আই পদৰ পৰীক্ষা কেলেংকাৰিৰ কোনো সমল আছে নেকি, সেই সংক্রান্তত সন্ধান চলোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে হোটেলখনত অভিযানকাৰী দলটোৱে উক্ত পৰীক্ষা কেলেংকাৰি সন্দর্ভত কি তথ্যপাতি বা সমল লাভ কৰিছে, জানিব পৰা হোৱা নাই৷ ইফালে বহুবিতর্কিত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পি কে দত্তৰ গাড়ীচালক আনোৱাৰ আলীক যোৱানিশা দৰঙৰ পৰা আটক কৰাৰ পাছতে আজি চি আই ডিয়ে আৰক্ষীৰ গাড়ীচালকজনক গ্রেপ্তাৰ কৰে৷ চি আই ডিয়ে যোৱা বুধবাৰে নিশা মহানগৰীৰ হেঙেৰাবাৰীত পি কে দত্তৰ প্রাসাদোপম অট্টালিকাত অভিযান চলোৱাৰ পাছৰে পৰা দত্ত বর্তমানো পলাতক হৈ আছে৷ এনে পৰিস্থিতিত কেইবাবছৰ ধৰি গাড়ীচালক হৈ থকা আনোৱাৰ আলীয়ে পি কে দত্ত ক’ত পলাতক হৈ আছে, সেই সন্দর্ভত চি আই ডিৰ তদন্তকাৰী বিষয়াই সোধা–পোছা কৰে৷ ইফালে তিনিচুকীয়াৰ পৰা গ্রেপ্তাৰ কৰা গুৱাহাটীৰ চানমাৰিৰ বাসিন্দা তথা পি কে দত্তৰ ব্যৱসায় চোৱাচিতা কৰা জয়দেৱ বৰুৱাকো চি আই ডিয়ে পলাতক অৱসৰপ্রাপ্ত আৰক্ষী মহাপৰিদর্শকজনৰ্ সন্ধান তথা এছ আই পদৰ পৰীক্ষা কেলেংকাৰি সন্দর্ভত সোধা–পোছা কৰে৷ ইফালে ক্রাইম ব্রাঞ্চত গণেশগুৰিৰ থেংক ইউ লজখন অংশকালীনভাৱে সংৰক্ষণ (পার্চিয়েল প্রিজভি) কৰি তদন্ত আৰম্ভ কৰিব বুলি তদন্তকাৰী সংস্থাটোৰ সূত্রই জনাইছে৷
চি আই ডিয়ে জিম্মাত ল’লে পি কে দত্তৰ গাড়ীচালকক
বহুবিতর্কিত অৱসৰপ্রাপ্ত ডি আই জি তথা অসম আৰক্ষীৰ উপ–পৰিদর্শক কেলেংকাৰিৰ খলনায়ক হিচাপে চিহ্ণিত প্রশান্ত কুমাৰ দত্তৰ গাড়ীচালকক যোৱানিশা দৰঙত কৰায়ত্ত কৰা হৈছে৷ দৰঙৰ দলগাঁৱৰ খজুৱাবিলৰ ৩য় অসম পুলিচ টাস্ক ফ’ৰ্চৰ বেৰেকৰ পৰাই গাড়ীচালক আনোৱাৰ আলীক কৰায়ত্ত কৰে আৰক্ষীয়ে৷ প্রায় ৩১ বছৰীয়া আনোৱাৰৰ ঘৰ বাইহাটা চাৰিআলিৰ পাত্রপুৰ গাঁৱত আৰু আৰক্ষীৰ গাডীচালক হিচাপে অসম আৰক্ষীত নিযুক্ত হৈ আছে৷ ছবেদ আলীৰ পুত্র আনোৱাৰে পি কে দত্তৰ গাডীচালক হিচাপে কেইবাবছৰো নিযুক্ত আছিল৷ অৱশ্যে উপ–পৰিদর্শক পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ সময়ত আনোৱাৰ কর্মৰত আছিল নে নাই, সেয়াহে দলগাঁও থানাই স্পষ্ট কৰিব পৰা নাই৷ কাৰণ দত্তৰ অৱসৰৰ পাছত পুনৰ তৃতীয় পুলিচ টাস্ক ফ’ৰ্চলৈ ঘূৰাই নপঠিয়াই নিজৰ লগত ৰাখিবও পাৰে৷ সেয়া বহু সময়ত অসমৰ ৰাজপত্রিত বিষয়াৰ ক্ষেত্রতে প্রমাণিত হৈছে৷ ইপিনে, আনোৱাৰক পুলিচ বেৰেকৰ পৰাই দৰং আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পাছত পুৱতিনিশা দলগাঁৱলৈ আনি দেওবাৰে দিনৰ ভাগত চি আই ডিয়ে জিম্মাত লয় তদন্তৰ বাবে৷ স্বাভাৱিকতে আনোৱাৰে ক’লা সাম্রাজ্য এৰি পলাতক হৈ থকা পি কে দত্ত সন্দর্ভত চি আই ডিৰ সন্মুখত কি তথ্য ফাদিল কৰে, সেয়াহে লক্ষণীয় হ’ব৷