নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থেংক ইউ লজত দিবনে প্রার্থীক দিছিল পৰীক্ষাৰ প্রশিক্ষণ

জেৰাত থেংক ইউ লজৰ স্বত্বাধিকাৰীৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ  মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ (ক্রাইম ব্রাঞ্চ) মাৰাথন জেৰাত এটাৰ পাছত এটা বিস্ফোৰক তথ্য সদৰী কৰিছে আৰক্ষীৰ উপ–পৰিদর্শক পদৰ চাকৰি কেলেংকাৰিত জড়িত দালাল চক্রই৷ ক্রাইম ব্রাঞ্চৰ জিম্মাত থকা থেংক ইউ লজৰ অন্যতম স্বত্বাধিকাৰী প্রাঞ্জল শর্মাই তদন্তকাৰী বিষয়াৰ জেৰাত সদৰী কৰিছে কেতবোৰ বিস্ফোৰক তথ্য৷ তেওঁ দিয়া স্বীকাৰোক্তি মতে, আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ চাকৰি বিক্রী কৰাৰ অন্যতম ‘মাষ্টাৰ মাইণ্ড’ আছিল বিতর্কিত বিজেপি নেতা দিবন ডেকা৷ এছ আই পদৰ চাকৰিৰ বাবে আবেদন কৰা শ শ নিবনুৱাৰ জীৱনক লৈ হেতালি খেলি দিবন ডেকাই নামনি অসমৰ বিশেষকৈ নলবাৰীৰ বহু যুৱক–যুৱতীক ধনৰ বিনিময়ত চাকৰি দিবলৈ ‘ব্লুপ্রিণ্ট’ ৰচনা কৰিছিল৷ ইয়াৰ বাবে দিবন ডেকাই নলবাৰীক এছ আই পদৰ চাকৰি বিক্রীৰ অভিকেন্দ্র হিচাপে লৈ গুৱাহাটীত গোপনে পৰীক্ষাৰ আখৰা কেন্দ্র সাজু কৰি তুলিছিল৷ ক্রাইম ব্রাঞ্চৰ এক সূত্রই জনোৱা মতে, বিতর্কিত দিবন ডেকাই মহানগৰীৰ গণেশগুৰিস্থিত থেংক ইউ লজত গোপনে পৰীক্ষাৰ আখৰা চলাইছিল৷ যোৱা ২০ ছেপ্ঢেম্বৰত অনুষ্ঠিত হোৱা এছ আই পৰীক্ষাৰ প্রার্থীৰ অনুশীলনৰ ব্যৱস্থা কৰাৰ সকলো দায়িত্ব দিবন ডেকাই লৈছিল৷ ইয়াৰ বাবে যোৱা ১৫ ছেপ্ঢেম্বৰত লজৰ অন্যতম স্বত্বাধিকাৰী প্রাঞ্জল শর্মাৰে ফোনত কথা পাতি সকলো ঠিক–ঠাক কৰি থৈছিল৷ আনহাতে, পৰীক্ষা পাতিবৰ বাবে লজৰ কোঠাৰ ভাৰাৰ বাবদ দিবন ডেকাই প্রাঞ্জল শর্মাক ৫০ হাজাৰ টকা আগধন দিছিল৷ ধৃত প্রাঞ্জল শর্মাই তদন্তকাৰী বিষয়াৰ আগত লগতে সদৰী কৰা মতে, পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে দুজন প্রশিক্ষক অহাৰ কথা আছিল৷ কিন্তু যথাসময়ত প্রশিক্ষক দুজন অহা নাছিল৷ প্রশিক্ষকৰ দায়িত্ব ল’বলৈ মতা লোক দুজনক দিবনে ফোনত এপিদা আৰু শর্মাদা বুলি মাতিছিল৷ ক্রাইম ব্রাঞ্চৰ সূত্রটোৱে জনোৱা মতে, প্রশিক্ষক দুজন নহাত দিবনে নিজেই প্রশিক্ষকৰ দায়িত্ব লৈছিল বুলি দালাল প্রাঞ্জলে স্বীকাৰ কৰিছে৷ এইক্ষেত্রত দিবনক সহায় কৰিছিল থেংক ইউ লজৰ আন এজন স্বাত্বাধিকাৰী প্রণৱ বৰাই৷ প্রণৱ বৰাই হোৱাইট ব’ডত প্রতিটো প্রশ্ণৰ উত্তৰ লিখিছিল৷ আজি নিশাও ক্রাইম ব্রাঞ্চে থেংক ইউ লজত দুয়োজন স্বত্বাধিকাৰীক লৈ অভিযান চলায় আৰু দণ্ডাধীশৰ উপস্থিতিত সমগ্র অভিযানৰ ভিডি’গ্রাফী কৰে৷
পৰীক্ষাৰ প্রশিক্ষক হিচাপে আহিবলগীয়া কোন এই এপিদা–শর্মাদা
ক্রাইম ব্রাঞ্চৰ তদন্তকাৰী বিষয়াৰ জেৰাত থেংক ইউ লজত অনুষ্ঠিত এছ আই পদৰ পৰীক্ষাৰ আখৰা বা অনুশীলনত ‘এপিদা’ আৰু ‘শর্মাদা’ নামৰ দুজন লোক প্রশিক্ষণ প্রদানৰ বাবে অহাৰ কথা আছিল বুলি লজৰ স্বত্বাধিকাৰী প্রাঞ্জল শর্মাই বিস্ফোৰক স্বীকাৰোক্তি দিয়াৰ পাছতে প্রশ্ন উঠিছে– কোন এই ‘এপিদা’ আৰু ‘শর্মাদা’? দিবন ডেকাই ফোনত এপিদা, শর্মাদা বুলি মতা লোক দুজন আৰক্ষীৰে লোক হ’ব বুলি সন্দেহ ঘনীভূত হৈছে৷ ফলত এই স্বীকাৰোক্তিয়ে আৰক্ষীতো জোকাৰণি সৃষ্টি কৰিছে৷ প্রশিক্ষক হিচাপে আহিব লগা লোক দুজন বর্তমান আৰক্ষীত কর্মৰত শীর্ষ পর্যায়ৰ বিষয়া অথবা অৱসৰপ্রাপ্ত বিষয়া হ’ব পাৰে বুলিও সন্দেহ কৰা হৈছে৷

নলবাৰীত গ্রেপ্তাৰ চাৰি পৰীক্ষার্থীঃ পৰীক্ষাৰ আগদিনা কোচিঙৰ বাবে আনিছিল গুৱাহাটীলৈ
পূর্বৰ অগপ চৰকাৰৰ আমোলত সংঘটিত অ’ বি বি শিক্ষক নিযুক্তি কেলেংকাৰিৰ অভিকেন্দ্র নলবাৰী জিলা হোৱাৰ লেখীয়াকৈ শেহতীয়াকৈ অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি কেলেংকাৰিৰ অভিকেন্দ্রও হৈ পৰিছে নলবাৰী৷ এই কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড ৰূপে চর্চিত পলাতক বিজেপি নেতা দিবন ডেকাৰ সংস্পর্শলৈ অহা জিলাখনৰ কেলেংকাৰিৰ লগত জড়িত ইজনৰ পাছত সিজনকৈ অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ লগতে ইতিমধ্যে নৱ ভাৰত নির্মাণ নামৰ এটা অখ্যাত সংগঠনৰ সভাপতি কুলদীপ ৰাজবংশীক বৃহস্পতিবাৰে নলবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰখাৰ পাছত বক্র পথেৰে চাকৰি ল’বলৈ ওলোৱাসকলক কম্পমান কৰি তুলিছে৷ এই নিযুক্তি কাণ্ডত শেহতীয়াকৈ নলবাৰী আৰক্ষীৰ জালত পৰিছে মুকালমুৱাৰ হৰকত আলী, বেলশৰৰ সঞ্জীৱ বর্মন, মাখিবাহাৰ মৃদুল বর্মন, প্রার্থপ্রতিম পাঠক আৰু ধ্রুৱজ্যোতি লেজাৰ৷ আটকাধীন এই পাঁচ যুৱকৰ ভিতৰত থেংক ইউ লজৰ কর্মচাৰী হৰকতে লজৰ পৰা পলাই আহি বৰক্ষেত্রীৰ ভাঙনামাৰী চৰত আত্মগোপন কৰি আছিল৷ পাছত এই খবৰ লাভ কৰি নলবাৰী আৰক্ষীয়ে হৰকতক আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ ইপিনে বাকী চাৰিজন যুৱক আছিল পৰীক্ষার্থী৷ এই চাৰি যুৱকে ক’চ্চিঙৰ কাৰণে মাতি নিয়া হৈছিল বুলি আৰক্ষীৰ জেৰাত প্রকাশ কৰে৷ গুৱাহাটীৰ থেংক ইউ লজলৈ ক’চ্চিঙৰ বাবে মাতি নিয়া নলবাৰীৰে নিতুল বর্মন নামৰ যুৱকজনে বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ উপ–পৰিদর্শক পদৰ পৰীক্ষাৰ আগদিনা দিয়া হৈছিল কিছুমান আগতীয়া প্রশ্ণৰ উত্তৰ৷ ব’ডত লিখি লিখি দিয়া হৈছিল প্রশ্ণোত্তৰ৷ সম্প্রতি নলবাৰী আৰক্ষীয়ে নিতুল বর্মনক বিচাৰি অভিযান তীব্রতৰ কৰিছে আৰক্ষীয়ে৷ এতিয়া প্রশ্ন উঠিছে– কোন এই নিতুল বর্মন? প্রকৃত তথ্য পোহৰলৈ অহা নাই৷ এই কেলেংকাৰিত নলবাৰীৰ আৰু কেইবাজনো আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷

প্রসংগক্রমে উল্লেখ্য যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ পদতো নলবাৰী জিলাৰ একমাত্র মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ভাই–বোৱাৰীকে ধৰি কেইবাজনো বিজেপি নেতা–পালিনেতাৰ অঙহী–বঙহীয়ে চাকৰি পোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ চাকৰিক লৈও বিজেপি নেতা–পালিনেতাক চর্চালৈ আহিছে৷ শেহতীয়া এনে কেলেংকাৰিত বিজেপি নেতা–পালিনেতাৰ নাম অচিৰেই পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি ৰাইজে সন্দেহ কৰিছে৷ ইফালে, অসম আৰক্ষীৰ উপ–পৰিদর্শক পদত পুত্র সঞ্জীৱক চাকৰি দিয়াৰ বাবে বেলশৰৰ কৃষক পিতৃ বীৰেন বর্মনে খেতিৰ মাটি বিক্রী কৰি দালালক দিছিল বৃহৎ পৰিমাণৰ টকা৷ উপ–পৰিদর্শক চাকৰিৰ পৰীক্ষার্থী সঞ্জীৱক কালি বিয়লি বেলশৰ আৰক্ষীয়ে সোধা–পোছাৰ বাবে আটক কৰাৰ পাছতেই এনে কথা পোহৰলৈ আহে৷ এতিয়া দুর্ভগীয়া পৰিয়ালটোৱে মূৰে–কপালে হাত দিবলগীয়া হৈছে৷ এয়া এটা উদাহৰণহে৷ ৰাজ্যত এনেকুৱা আন বহুতো সঞ্জীৱ ওলাব৷ তদন্তত ওলাই পৰিব বহু তথ্য৷

You might also like