১৫ নৱেম্বৰৰ ভিতৰত এছ আই পৰীক্ষা, নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ ১৫ নৱেম্বৰৰ ভিতৰত এছ আই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে আৰক্ষীক।
আজি এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্নীতিৰ ক্ষেত্ৰত অসম চৰকাৰে কোনোধৰণৰ আপোচ নকৰে। আৰক্ষীৰ উপপৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি জনাৰ ১৫ মিনিটৰ ভিতৰতে তেওঁ উক্ত পৰীক্ষা বাতিল কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এপিএছচি কেলেংকাৰিৰ প্ৰসংগতো একেই ব্যৱস্থা গ্ৰহণ কৰিছিল অসম চৰকাৰে, কিন্তু আশ্চৰ্যজনকভাৱে ইয়াক লৈ মাত মতা লোকসকলে এইক্ষেত্ৰত পিছত মৌনতা অৱলম্বন কৰাটোহে আচৰিত কথা।
উল্লেখ্য, আৰক্ষীৰ উপপৰিদৰ্শকৰ পৰীক্ষা কেলেংকাৰিৰ মুখ্য অভিযুক্ত পি কে দত্ত আৰু দিবন ডেকা এতিয়াও পলাতক হৈ আছে।