নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাঃ নৱাব মহম্মদ ৰফিকৰ মৃত্যুত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ যোৰহাটৰ বিশিষ্ট মানৱ দৰদী চিকিৎসক, অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া, সু-গায়ক, গীতিকাৰ, সমাজসেৱী যোৰহাটৰ এসময়ৰ জনপ্ৰিয় চিকিৎসক নৱাব মহম্মদ ডানিচৰ সুযোগ্য সন্তান ডাঃ নৱাব মহম্মদ ৰফিকৰ যোৱা নিশা বাৰ্ধক্যজনিত কাৰণত লিচুবাৰী ডানিচ নগৰৰ নিজা বাসগৃহত মৃত্যু হোৱাত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷

 এক বিবৃতিত পৰিষদৰ জিলা সমিতিৰ সম্পাদক ৰফিক হুছেইন আৰু মহঃ তমিজুৰ ৰহমানে চিকিৎসক ৰফিকৰ মৃত্যু যোৰহাটৰ চিকিৎসা সেৱা ক্ষেত্ৰখনৰ লগতে সাংস্কৃতিক জগতখনৰ বাবে বিপুল ক্ষতি বুলি অভিহিত কৰে ৷

দৰিদ্ৰ ৰোগীৰ বাবে দেৱতুল্য চিকিৎসকগৰাকীয়ে নিজা পকেটৰ ধন ভাঙি চিকিৎসা সেৱা কৰি   চিকিৎসা জীৱনত মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছিল ৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা এই মানৱ দৰদী চিকিৎসক জনৰ মৃত্যুত সকলো লোকৰ মাজত অশ্ৰুৰ বন্যা বোৱাইছে ৷

উল্লেখযোগ্য যে চাকৰিৰ পৰা অৱসৰৰ পাছতো বৰভেটাত এক সৰু চেম্বাৰ খুলি লৈ দৰিদ্ৰজনৰ চিকিৎসা সেৱাত নিমগ্ন হৈ পৰিছিল ৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱাৰ লগতে তেওঁৰ ৰূহৰ মাগফিৰাতৰ বাবে অশ্ৰু অঞ্জলি যাচে বুলি পৰিষদৰ সম্পাদক ৰফিক হুছেইন আৰু মহঃ তমিজুৰ ৰহমানে জনাইছে ৷

You might also like