নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ ছেপ্টেম্বৰ, আহিন মাহৰ ১২ তাৰিখ

মেষঃ আনন্দপ্রাপ্তিৰ যোগ৷ নতুন কোনো কর্মত আনন্দ পাব৷ ব্যৱসায় বা স্বাধীন কর্মজীৱনৰ প্রতি আস্থা থাকিব৷ পঢ়াত বাধা কম৷ শুভ বর্ণ পাতল গুলপীয়া৷ আজি এই বর্ণৰ বস্ত্র ব্যৱহাৰ কৰক৷ পুৱাৰ ভাগত যাত্রা কৰক৷
বৃষঃ পুৰণা মোকর্দমাত জয়ী হোৱাৰ আশা আছে৷ অনাকাংক্ষিত সমস্যাত পৰিব পাৰে৷ শৰীৰ সুস্থ থাকিব৷ ক’লা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক৷ শুভ ৰং হালধীয়া৷
মিথুনঃ ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব৷ শিক্ষার্থীৰ শুভ৷ হাতলৈ টকা–পইচা আহিব৷ পৰি আঘাত পাব পাৰে৷ ক্রীম ৰঙৰ কাপোৰ পৰিধান কৰক, লগত এখন ক্রীম ৰঙৰ ৰুমালো ৰাখিব৷
কর্কটঃ বন্ধুৰ সহায়ে সমস্যা দূৰ কৰিব৷ শুভ কাম আৰম্ভ কৰিব পাৰে৷ ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব৷ টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব৷ অতি প্রয়োজন হ’লে দিনত তিনি বজাৰ পাছতহে যাত্রা কৰিব৷ হালধীয়া ৰং ব্যৱহাৰ কৰক৷
সিংহঃ আনক সহায় কৰি সন্মান পাব৷ চোৰ–ডকাইতৰ পৰা সাৱধান হ’ব৷ ঘৰৰ মূল্যৱান সম্পত্তি হেৰাব পাৰে৷ অর্থৰ নাটনি হ’ব৷ নীলা ৰঙৰ কাপোৰৰ ব্যৱহাৰে আপোনাৰ কর্মত সফলতা আনিব৷ ভ্রমণৰ যোগ৷
কন্যাঃ ব্যৱসায়ীৰ উন্নতিৰ যোগ৷ শত্রুৰ পৰা সাৱধান৷ খৰচ বাঢ়িব৷ অচিনাকি লোকৰ পৰা দূৰত থাকিব৷ আপোনাৰ শুভ ৰং সেউজীয়া৷ সেউজীয়া ৰং ব্যৱহাৰ কৰক৷
তুলাঃ দুর্ঘটনা ঘটিব পাৰে৷ সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে৷ বিদ্যাত উন্নতি হ’ব৷ চাকৰিয়ালে বদলিক লৈ সমস্যাত পৰিব৷ বিদ্যার্থীয়ে আজি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ ৰং বেঙুণীয়া৷
বৃশ্চিকঃ অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে৷ আনক সহায় কৰি সন্মানিত হ’ব৷ চাকৰি স্থায়ী হ’ব৷ কর্মত নিযুক্তি হ’ব৷ শুভ বর্ণ মেৰুণ৷ মেৰুণ ৰং ব্যৱহাৰ কৰক৷
ধনুঃ শুভ কাম আজি নকৰাই ভাল হ’ব৷ ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব৷ শিক্ষার্থীৰ শুভ৷ বিদ্যার্থীৰ বাবে আজিৰ দিনটো শুভ৷ শুভ ৰং বেঙুণীয়া৷ প্রেমত শুভ৷
মকৰঃ স্বাস্থ্যৰ প্রতি অধিক যত্ন লওক৷ অর্থ হানিৰ যোগ দেখা যায়৷ পৰিয়ালত বিবাদ হ’ব পাৰে৷ ব্যৱসায়ত লেনদেন কৰোঁতে সাৱধান হ’ব৷ লাভ বৃদ্ধি হ’ব৷ শুভ বর্ণ পাতল নীলা৷ ৰাতিপুৱা তুলসীৰ তলত পানী ঢ়ালক৷
কুম্ভঃ শুভ কাম কৰাৰ সিদ্ধান্ত হ’ব পাৰে৷ ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ চাকৰিৰ বাবে চেষ্টা কৰক, ফল পাব৷ আৱেগক বেছি গুৰুত্ব নিদিব৷ শৰীৰৰ অশান্তি থাকিব৷ ব্যৱসায়ত মধ্যম৷ শুভ ৰং বগা৷
মীনঃ সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব৷ দৈহিক দিশত শুভ৷ ঘৰুৱা কিছু দুশ্চিন্তা থাকিব৷ প্রেমত মধ্যম৷ আত্মীয়ৰ কাৰণে সমস্যাত পৰিব৷ সাংসাৰিক অশান্তি বাঢ়িব৷ হাতলৈ টকা আহিব, কিন্তু খৰচ বৃদ্ধি পাব৷ কমলা আপোনাৰ বাবে আজি শুভ ৰং৷

You might also like