নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ সময়ত প্রতিঘণ্টাত ৯০ কোটিকৈ উপার্জন মুকেশ আম্বানিৰ

একেৰাহে নৱমবাৰলৈ ভাৰতৰ ধনাঢ়্য ব্যক্তি

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ   ক্রমাগত নৱমবাৰৰ বাবে দেশৰ ১ নম্বৰ ধনাঢ়্য ব্যক্তি হিচাপে হুৰুণ ইণ্ডিয়া ধনাঢ়্য তালিকা ২০২০ত স্থান লাভ কৰিছে উদ্যোগপতি মুকেশ আম্বানিয়ে৷ বিশ্বৰ চতুর্থ ধনাঢ়্য ব্যক্তি তথা এছিয়াৰ ১ নম্বৰ ধনাঢ়্য ব্যক্তি ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীৰ পৰিচালন সঞ্চালক–অধ্যক্ষ মুকেশ আম্বানিয়ে হুৰুণ ইণ্ডিয়াৰ তালিকাত শীর্ষস্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত হিন্দুজা ব্রাদার্ছ, তৃতীয় স্থানত শিৱ নাডাৰ আৰু পৰিয়াল৷ শীর্ষ দহ স্থানত আছে গৌতম আদানি, আজিম প্রেমজী, ছাইৰাছ এ পুনৱালা, ৰাধাকৃষ্ণন দামানি, উদয় ক’টাক, দিলীপ ছাংভি আৰু ছাইৰাছ পাল’নজী মিস্ত্রী৷ দেশৰ ধনাঢ়্য ব্যক্তিৰ শীর্ষস্থানত থকা মুকেশ আম্বানিয়ে লকডাউনৰ সময়ত অর্থাৎ মার্চৰ ২৫ তাৰিখৰ পৰা প্রতিঘণ্টাত ৯০ কোটি টকাকৈ উপার্জন কৰিছে৷ আই আই এফ এল হুৰুণ ইণ্ডিয়াৰ তালিকাত প্রকাশ পোৱা মতে, ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীৰ স্বত্বাধিকাৰী মুকেশ আম্বানিৰ সম্পত্তিৰ পৰিমাণ ২.৭৭ লাখ কোটিৰ পৰা ৬.৫৮ লাখ কোটিলৈ বৃদ্ধি পাইছে৷ বিগত বর্ষৰ পৰা মুকেশ আম্বানিৰ সম্পত্তি বৃদ্ধি হৈছে ৭৩ শতাংশ৷ লকডাউনৰ আৰম্ভণিতে মুকেশ আম্বানিৰ সম্পত্তি ২৮ শতাংশ হ্রাস পাইছিল যদিও পাছলৈ জিঅ’ত ফেচবুক, গুগ্ল, ছিলভাৰ লেক আদি কৰি কেইবাটাও বহুজাতিক কোম্পানীয়ে বিনিয়োগ কৰাৰ পিছতে মুকেশ আম্বানিৰ সম্পত্তি চাৰি মাহৰ ভিতৰত ৮৫ শতাংশ বৃদ্ধি পায়৷ ক’ভিড–১৯ লকডাউনৰ সময়ছোৱাত ৰিলায়েঞ্চৰ মার্কেট ১০ লাখ কোটি অতিক্রম কৰে আৰু মুকেশ আম্বানিৰ সম্পত্তি ৭৩ শতাংশ বৃদ্ধি পায়৷ উল্লেখ্য যে হুৰুণ ইণ্ডিয়াই প্রস্তুত কৰা দেশৰ এহেজাৰতকৈ অধিক সম্পত্তি থকা ব্যক্তিৰ তালিকাত ৮২৮জনে স্থান লাভ কৰিছে৷ শীর্ষস্থানত আম্বানিৰ বিপৰীতে ১,৪৩,৭০০ কোটিৰে দ্বিতীয় স্থানত হিন্দুজা ব্রাদার্ছ, ১,৪১,৭০০ কোটিৰে তৃতীয় স্থানত শিৱ নাডাৰ আৰু পৰিয়াল, ১,৪০,২০০ কোটিৰে চতুর্থ স্থানত গৌতম আদানি আৰু পৰিয়াল, ১,১৪,৪০০ কোটিৰে পঞ্চম স্থানত আজিম প্রেমজী আৰু পৰিয়াল, ৯৪,৩০০ কোটিৰে ষষ্ঠ স্থানত ছাইৰাছ পুনৱালা ৮৭,২০০ কোটিৰে সপ্তমত ৰাধাকৃষ্ণন দামানি আৰু পৰিয়াল৷ ৮৭ হাজাৰ কোটিৰে অষ্টম স্থানত উদয় ক’টা, ৮৪ হাজাৰ কোটিৰে নৱম স্থানত দিলীপ ছাংভি আৰু ৭০ হাজাৰ কোটিৰে দশম স্থানত ছাইৰাছ পাল’নজী মিস্ত্রী৷

You might also like