অৱসৰৰ পাছত এই কামত ব্যস্ত থকা দেখা যাব ধোনীক ? জনালে পত্নী সাক্ষীয়ে…
নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ ১৫ আগষ্ট দেশৰ স্বাধীনতা দিৱসৰ দিনাই সমগ্ৰ ক্ৰীড়াপ্ৰেমীকে আচৰিত কৰি আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰিছিল ভাৰতীয় ক্ৰিকেট দলৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীয়ে। বৰ্তমান IPL-ত চেন্নাই চুপাৰ কিংছৰ হৈ অধিনায়কৰ দায়িত্ব পালন কৰিছে ধোনীয়ে। কিন্তু কিমান দিন? যাক লৈ এতিয়া সকলো ক্ৰীড়াপ্ৰেমীৰ মাজতে চৰ্চা আৰম্ভ হৈছে।
ইয়াৰ সমান্তৰালকৈ এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আছুতীয়া সাক্ষাৎকাৰত ধোনীৰ পত্নী সাক্ষীয়ে স্পষ্ট কৰিলে অৱসৰৰ পাছত কেনেদৰে জীৱন অতিবাহিত কৰিব মহেন্দ্ৰ সিং ধোনীয়ে।
সাক্ষীয়ে কয়- অৱসৰৰ পাছত এতিয়া নিজৰ প্রযোজনা সংস্থা ‘ধোনী এন্টাৰটেইনমেন্ট’ (Dhoni Entertainment)–ৰ সৈতে জড়িত হৈ থাকব মাহী।
উল্লেখ্য যে ২০১৯ চনতেই এই সংস্থাটো তৈয়াৰ কৰিছিল ধোনীয়ে। এই প্রযোজনা সংস্থাটোৱে ইতিমধ্যে ‘ৰোৰ অৱ দ্য লায়ন’ (Roar of the Lion) নামেৰে এখন তথ্যচিত্রও প্ৰস্তুত কৰিছে। আহিবলগীয়া সময়ছোৱাত বহুকেইখন ৱেবচিৰিজ তৈয়াৰ কৰাৰ পৰিকল্পনা আছে তেওঁলোকৰ। এই কথা সাক্ষাৎকাৰটোত প্ৰকাশ কৰিলে সাক্ষীয়ে ।