অসম চৰকাৰৰ গৃহ বিভাগৰ অধীনস্থ ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ত খালী হৈছে ড্রাইভাৰৰ ২টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, মুঠ খালী পদ দুটাৰ ভিতৰত এটা অসংৰক্ষিত আৰু আনটো এছটি–পি প্রার্থীৰ বাবে সংৰক্ষিত থাকিব৷ আবেদনকাৰী দশম শ্রেণী উত্তীর্ণ হোৱা অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতে চাৰিচকীয়া যান–বাহন চলোৱাৰ অনুজ্ঞা–পত্র থকা হ’ব লাগিব৷ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৪০ বছৰ৷ অৱশ্যে বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৫,৬০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷
আগ্রহীসকলে যাৱতীয় নথিপত্রৰ প্রত্যায়িত প্রতিলিপি, শেহতীয়া পাৰপত্র আকাৰৰ ফটো, বাহন চলোৱা অনুজ্ঞা–পত্রৰ কপী গাঁঠি প্রস্তুত কৰা আবেদনৰ লগত ৫ টকীয়া ডাক টিকট লগোৱা অতিৰিক্ত এটা খাম প্রেৰণ কৰিব লাগিব৷ আবেদন প্রেৰণৰ ঠিকনা To The Director of Forensic Science, Assam, Kahilipara, Guwahati-781019৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ অক্টোবৰ, ২০২০৷