বাবৰি মছজিদ ধ্বংস গোচৰত আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা
নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ বাবৰি মছজিদ ধ্বংস গোচৰত আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা। উপযুক্ত প্ৰমাণ নোহোৱাৰ বাবেই ৩২ জন অভিযুক্তক নিৰ্দোষী ঘোষণা কৰিলে CBIৰ বিশেষ আদালতে।
আদালতৰ মতে বাবৰি মছজিদ ধ্বংস পূৰ্ব পৰিকল্পিত নাছিল। ইয়াৰ লগে লগে দোষমুক্ত হ’ল বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানি, মুৰলী মনোহৰ যোশী, উমা ভাৰতী আৰু উত্তৰ প্ৰদেশ প্ৰাক্তন মুখ্য মন্ত্ৰী কল্যাণ সিং। সুদীৰ্ঘ ২৮ বছৰৰ মূৰত এই ৰায়দান আদালতৰ। প্ৰায় ১০০০ পৃষ্ঠাৰ ৰায়দান দিয়ে আদালতে। সোঁশৰীৰে উপস্থিত থকাৰ বিপৰীতে আদবানি, উমা ভাৰতীকে ধৰি মুঠ ৬জন অভিযুক্ত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি উপস্থিত আছিল।