পুনৰ ব্যর্থ অসম সন্তান ৰিয়ান পৰাগ; ৩৭ ৰানত পৰাস্ত স্মিথ বাহিনী
নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ কলকাতা নাইট ৰাইডার্ছে চমকপ্রদ বিজয়েৰে চলিত আই পি এলত সম্পূর্ণ পইণ্ট অর্জন কৰিছে৷ কালি ডুবাইত অনুষ্ঠিত মেচখনত কলকাতাই ৰাজস্থান ৰয়েলছক ৩৭ ৰানত পৰাস্ত কৰে৷ কলকাতাই জয়ৰ বাবে বান্ধি দিয়া ১৭৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ষ্টিভেন স্মিথ বাহিনীয়ে নির্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১৩৭ ৰান সংগ্রহ কৰে৷ ট’ম কৰনৰ বাহিৰে কোনো এজন বেটছমেনে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ কৰনে ৫৪ ৰান কৰি অপৰাজিত হৈ থাকে৷ বাটলাৰে ২১ আৰু টেৱাটিয়াই ১৪ ৰান কৰে৷
অসম সন্তান ৰিয়ান পৰাগ পুনৰ ব্যর্থ হয়৷ ৰিয়ানে মাত্র ১ ৰান কৰি বিদায় লয়৷ অধিনায়ক স্মিথে ৩, ছেমছনে ৮ আৰু উথাপ্পাই দুই ৰান কৰে৷ কলকাতাৰ হৈ শিৱম মাভি, নাগৰকটি আৰু বৰুণ চক্রৱর্তীয়ে দুটাকৈ উইকেট লয়৷ ইয়াৰ পূর্বে ৰাজস্থান ৰয়েলছৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি কলকাতা নাইট ৰাইডার্ছে নির্ধাৰিত ২০ অ’ভাৰত ৬টা উইকেট হেৰুৱাই ১৭৪ ৰান সংগ্রহ কৰে৷ অ’পেনাৰ শুভমন গিল আৰু ইয়ন মৰগানৰ বাহিৰে দলটোৰ কোনো এজন বেটছমেনে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম নহ’ল৷ শুভমনে ৩৪ বলত ৫টা চাৰি আৰু এটা ছয়েৰে ৪৭ ৰান কৰাৰ লগতে মৰগানে ২৩টা বলত এটা চাৰি আৰু দুটা ছয়েৰে ৩৪ ৰান কৰি অপৰাজিত হৈ থাকে৷ শুভমন গিল আৰু সুনীল নাৰিনে ইনিংছ মুকলি কৰিবলৈ আহে যদিও দলীয় স্ক’ৰ ৩৬ ৰানত নাৰিন ব্যক্তিগত ১৫ ৰানত পেভিলিয়নমুখী হয়৷
ইফালে, শুভমনে নীতিশ ৰাণাৰ সৈতে দ্বিতীয় উইকেটৰ যুটিত ৪৬ ৰান সংগ্রহ কৰে৷ ৰাণাই ২২ ৰান কৰি পেভিলিয়নমুখী হয়৷ ইফালে, বিগত বর্ষত দুর্দান্ত প্রদর্শন দাঙি ধৰা ৱেষ্ট ইণ্ডিজৰ আন্দ্রে ৰাছেলে বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ অলৰাউণ্ডাৰগৰাকীয়ে ১৪টা বলত তিনিটা ছয়েৰে ২৪ ৰান কৰি বিদায় লয়৷ আনহাতে, প্রতিযোগিতাখনত ব্যর্থতাৰ ধাৰা অব্যাহত আছে অধিনায়ক দীনেশ কার্তিকৰ৷ প্রথম দুয়োখন মেচত ব্যর্থ হোৱা কার্তিকে আজিও মাত্র ১ ৰান কৰে৷ অৱশ্যে মৰগানে কামিনছৰ সৈতে লগ লাগি দলটোক কিছু সন্তোষজনক স্থিতিত উপনীত কৰায়৷ কামিনছে ১২ ৰান কৰে৷ ৰাজস্থানৰ হৈ আর্চাৰে দুটা উইকেট লয়৷