নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ লাখ টকাৰ জৰিমনা শ্রেয়াছ আয়াৰক

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ লেহেমীয়া গতিত বলিং কৰাৰ অপৰাধত জৰিমনাৰ সন্মুখীন হ’ল আই পি এলৰ ফ্রেঞ্চাইজী দিল্লী কেপিটেলছৰ অধিনায়ক শ্রেয়াছ আয়াৰ৷ সংযুক্ত আৰব আমীৰ শ্বাহীত পূর্ণগতিত চলি থকা বি চি চি আইৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখনৰ মঙলবাৰে নিশা আবু ধাবিত ছানৰাইজার্ছ হায়দৰাবাদৰ বিপক্ষে খেলা মেচখনত লেহেমীয়া গতিত বলিং কৰাৰ বাবে দিল্লীৰ অধিনায়ক শ্রেয়াছ আয়াৰক ১২ লাখ টকাৰ জৰিমনা বিহা হয়৷

আই পি এলৰ নীতি–নিয়ম উলংঘন কৰাৰ অপৰাধত দিল্লী কেপিটেলছৰ অধিনায়কগৰাকীক জৰিমনা বিহা হয় বুলি আই পি এলৰ এক বিবৃতিত আজি এই কথা সদৰী৷ উল্লেখ্য যে শ্রেয়াছ আয়াৰৰ উপৰি ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলিকো পঞ্জাবৰে খেলা মেচখনত লেহেমীয়া গতিত বলিং কৰাৰ অপৰাধত জৰিমনা বিহা হৈছিল

You might also like