নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ পাশৱিক ধর্ষণ তথা হত্যাকাণ্ডক লৈ সমগ্র দেশ উত্তাল হৈ থকা সময়তে উত্তৰ প্রদেশৰ হাথৰাছৰ জিলা দণ্ডাধীশ (ডিএম), আৰক্ষী অধীক্ষক আৰু উপ–আৰক্ষী অধীক্ষকক চৰকাৰে নিলম্বন কৰিছে৷
দলিত সম্প্রদায়ৰ যুৱতী এগৰাকী পাশৱিক ধর্ষণৰ দুসপ্তাহ পিছত দিল্লীৰ এখন হাস্পতালত মৃত্যুমুখত পৰাৰ পিছতে উত্তপ্ত হৈ পৰিছে সমগ্র দেশ৷ দেশজুৰি ক্ষোভৰ উদ্গীৰণ অব্যাহত থকাৰ সময়তে যোগী আদিত্য নাথ চৰকাৰে হাথৰাছৰ জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু উপ–আৰক্ষী অধীক্ষকক নিলম্বনৰ সিদ্ধান্ত লয়৷ স্মর্তব্য যে যুৱতীগৰাকীৰ মৃতদেহ পৰিয়ালৰ অনুমতি অবিহনে আৰক্ষীয়ে ততাতৈয়াকৈ সমাধিস্থ কৰা ঘটনাক কেন্দ্র কৰি অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিভিন্ন চহৰত৷