ধোনীক বহুত মিছ কৰিছোঁঃ সাক্ষী
নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ এইবাৰৰ আইপিএল আনবাৰতকৈ সম্পূৰ্ণ পৃথক। ক’ৰোনা মহামাৰী আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত ইণ্ডিয়ান প্রিমিয়াৰ লীগ অনুষ্ঠিত হৈছে সুদূৰ সংযুক্ত আৰবত।
কিন্তু আনবাৰৰ দৰে এইবাৰ ক্ৰিকেটাৰসকলৰ পৰিয়ালে গেলেৰীৰ পৰা খেল উপভোগ কৰাৰ কোনো সুযোগ নাই। কাৰণ, তেনে কৰিবলৈ গ’লে ক্রিকেটাৰসকলৰ লগতে পৰিয়ালকো দুমাহৰ বাবে পৃথককৈ ৰাখিব লাগিব। যাৰ বাবে বিৰাট কোহলিৰ পত্নী অনুষ্কা আৰু ৰোহিত শর্মাৰ পত্নী ৰীতিকাৰ দৰেই অধিকাংশ ক্রিকেটাৰৰ পৰিবাৰেই আছে নিজ দেশত।
সমান্তৰালকৈ মহেন্দ্ৰ সিং ধোনীৰ পত্নী সাক্ষীও জীয়ৰী জিভাৰ সৈতে টেলিভিছনৰ পৰ্দাতেই উপভোগ কৰিছে এইবাৰৰ আইপিএল। যাৰ বাবে স্বাভাবিক ভাবেই খেলপথাৰত চলি থকা উত্তেজনাপূৰ্ণ খেলৰ মূহুৰ্তবোৰ বা ক্ৰিকেটৰ সেই উন্মাদনা স্পর্শ কৰিব পৰা নাই ক্ৰিকেটাৰসকলৰ পৰিবাৰসকলে।
পত্নী সাক্ষীয়ে মহেন্দ্র সিং ধোনীক মনত পেলাই কৈছে, “ষ্টেডিয়ামত উপস্থিত থাকি আইপিএলৰ খেলবোৰ চোৱাৰ সৌভাগ্য এইবাৰ হোৱা নাই। অৱশ্যে মিছ কৰিছো স্বামীক ধোনীকহে।”