নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ পাণ্ডুত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ মহানগৰীৰ পাণ্ডুত চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰিলে বিতি সূত্ৰধৰ নামৰ এজন যুৱকক। পাণ্ডুৰ লক কলনিত সংঘটিত হৈছে এই ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও হত্যাকাণ্ডত জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। মৃতদেহত স্পষ্ট আঘাতৰ চিন, আৰক্ষীয়ে উদ্ধাৰ কৰিছে বাঁহৰ টুকুৰা।

স্থানীয় ৰাইজৰ মতে উক্ত অঞ্চলত দৈনিক অসামাজিক কাৰ্যকলাপ চলে। ড্ৰাগছকে ধৰি সুৰাৰ আড্ডা নিতৌ চলে এই অঞ্চলত গতিকে অপৰাধৰ ঘটনা বেছি। শীঘ্ৰে আৰক্ষী প্ৰশাসনক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ৰাইজে।

You might also like