ওড়িশাত পাৰমাণৱিক ক্ষমতাসম্পন্ন শৌর্য ক্ষেপণাস্ত্রৰ পৰীক্ষণ
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ লাডাখ সীমান্তত চীনৰ সৈতে সংঘাত চলি থকাৰ সময়তে কালি ভাৰতে ওড়িশাৰ উপকূলত পাৰমাণৱিক ক্ষমতাসম্পন্ন শৌর্য ক্ষেপণাস্ত্রৰ নতুন সংস্কৰণৰ সফল পৰীক্ষণ কৰে৷
বর্তমান সেনাবাহিনীৰ হাতত থকা শৌর্য ক্ষেপণাস্ত্রৰ তুলনাত কালি পৰীক্ষণ কৰা নতুন সংস্কৰণটো অধিক পাতল আৰু সহজতে নিক্ষেপ কৰিব পৰা৷ এই ক্ষেপণাস্ত্রটোৰে ৮০০ কিলোমিটাৰ দূৰত্ব ভেদ কৰিব পাৰে৷
উল্লেখ্য যে দুদিন পূর্বে মহাৰাষ্ট্রৰ আহমেদাবাদ নগৰত দেশীয়ভাৱে বিকশিত লেজাৰ গাইডেড এণ্টিটেংক মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰাৰ কালি পুনৰ পাৰমাণৱিক শক্তিসম্পন্ন শৌর্য মিছাইলৰ নতুন সংস্কৰণ এটা পৰীক্ষণ কৰি ভাৰতে ক্ষেপণাস্ত্রৰ ক্ষেত্রত নিজকে শক্তিশালী কৰি তুলিলে৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ে এক বিবৃতিযোগে প্রকাশ কৰা মতে আজি পৰীক্ষণ কৰা শৌর্য ক্ষেপণাস্ত্রৰ সংস্কৰণটোৱে দেশৰ সেনাবাহিনীক শক্তিশালী কৰি তুলিলে৷
এই ক্ষেপণাস্ত্রৰে সহজতে শত্রুপক্ষৰ নির্ধাৰিত লক্ষ্যত হাইপাৰছনিক গতিৰে আঘাত কৰিব পাৰে৷ তাৎপর্যপূর্ণ যে ডিফেন্স ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচনে দেশীয়ভাৱে প্রতিৰক্ষা খণ্ডত ক্ষেপণাস্ত্রকে ধৰি বিভিন্ন সঁজুলি বিকশিত কৰি আছে৷