বিহাৰৰ বিধানসভা নির্বাচনঃ আসন বুজাবুজিত মোহৰ মহাজোঁট বন্ধনৰ
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ অহা ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰৰ বিধানসভা নির্বাচনৰ বাবে ৰাজ্যখনত মহাজোঁটবন্ধনৰ আসন বুজাবুজিৰ সিদ্ধান্ত চূড়ান্ত হয়৷
লালুপ্রসাদ যাদৱৰ ৰাষ্ট্রীয় জনতা দল, কংগ্রেছ আৰু বাঁওপন্থী দলসমূহৰ মহাজোঁটবন্ধনে কালি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টি বুজাবুজিত মোহৰ মাৰে৷ আৰজেডিৰ নেতা তেজস্বী যাদৱৰ নেতৃত্বত বিহাৰত মহাজোঁটবন্ধনে বিজেপি নেতৃত্বাধীন এনডিএ–এ গোটৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ২৪৩টা সমষ্টিৰ ভিতৰত আৰজেডিয়ে ১৪৪, কংগ্রেছে ৭০ আৰু বাঁওপন্থী দলসমূহে ২৯টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷
বিহাৰৰ মহাজোঁটবন্ধনে আসন বুজাবুজি কৰাক লৈ কেইবাবাৰো আলোচনাত মিলিত হোৱাৰ পিছত ঐকমত্যত উপনীত হ’ব পৰা নাছিল যদিও কালি আলোচনাৰ অন্তত আসন ভাগ–বাটোৱাৰা চূড়ান্ত কৰা হয়৷ সন্ধিয়া আনুষ্ঠানিকভাৱে মহাজোঁটবন্ধনৰ আসন সন্দর্ভত ঘোষণা কৰাৰ সমান্তৰালভাৱে আৰজেডিৰ নেতা তেজস্বী যাদৱৰ নেতৃত্বতে নির্বাচনত অৱতীর্ণ হ’ব বুলি ঘোষণা কৰে৷
উল্লেখ্য যে অহা ২৮ অক্টোবৰত প্রথম পর্যায়ৰ, তিনি নৱেম্বৰত দ্বিতীয় আৰু ৭ নৱেম্বৰত তৃতীয় পর্যায়ৰ ভোটগ্রহণ হ’ব৷ মন কৰিবলগীয়া যে ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ মাজত নির্বাচন অনুষ্ঠিত হোৱা প্রথমখন ৰাজ্য বিহাৰ৷ তেনেদৰে প্রার্থীৰ অপৰাধমূলক গোচৰ বাতৰিকাকতযোগে প্রকাশ কৰিবলগীয়া প্রথম নির্বাচন হ’ব বিহাৰত৷