ক’ভিড–১৯ সম্পর্কীয় আলোচনা–চক্রত অক্সিমিটাৰ–মাস্ক বিতৰণ ক্রীড়া সাংবাদিক সন্থাৰ
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ অসম ক্রীড়া সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটীৰ চেনিকুঠীস্থিত পশুপালন অৰু পশু চিকিৎসা সঞ্চালকালয়ৰ প্রেক্ষাগৃহত আজি ক’ভিড–১৯ বিষয়ক এখন সজাগতা সভাৰ লগতে হেলথ কার্ড আৰু পৰিচয় পত্র বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়৷ ক’ভিড–১৯ৰ চৰকাৰী নিয়ম ৰক্ষা কৰি বিয়লি ২.৩০ বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে অসম ক্রীড়া সাংবাদিক সন্থাৰ সভাপতি সুবোধ মল্ল বৰুৱাই৷ অনুষ্ঠানত গুৱাহাটীৰ এপ’লো হাস্পতালৰ তৰফৰ পৰা হেলথ কার্ড, ‘লুইত কেয়াৰ’ প্রতিষ্ঠানৰ পৰা অক্সিমিটাৰ, মাস্ক, ছেনিটাইজাৰ অৰু অসম ক্রীড়া সাংবাদিক সন্থাৰ পৰা ক্রীড়া সাংবাদিকসকলক পৰিচয় পত্র প্রদান কৰা হয়৷ সজাগতামূলক সভাখনত এপ’লো হাস্পতালৰ ক্রিটিকেল কেয়াৰ ইউনিটৰ মেডিচিন বিশেষজ্ঞ ডাঃ ৰাকেশ পেৰিৱালে ক’ৰোনাৰ সংক্রমণ কেনেকৈ হয় আৰু ইয়াৰ প্রতিৰোধৰ ক্ষেত্রত ল’বলগীয়া সাৱধানতা সম্পর্কত বিৱৰি কয়৷ ক’ৰোনা ভাইৰাছৰ লক্ষণ, শিশু আৰু বৃক্কৰ ওপৰত ইয়াৰ প্রভাৱ, চিকিৎসা পদ্ধতি, মাস্ক, ছেনিটাইজাৰ, অক্সিমিটাৰৰ ব্যৱহাৰ, ৰেপিড এণ্টিজেণ্ট টেষ্টৰ প্রয়োজনীয়তা আদি বিষয়ৰ ওপৰত তেওঁ বক্তব্য দিয়ে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসম চৰকাৰৰ অতিৰিক্ত স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰাজীৱ শর্মাই কয় যে ক’ৰোনা মহামাৰীৰ এতিয়াও ভেকচিন ওলোৱা নাই৷ সভাত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব অশোক বর্মন, ক্রীড়া সংগঠক ৰাজীৱ প্রকাশ বৰুৱাই বক্তব্য প্রদান কৰে৷