নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলৰ প্রদর্শনত অসন্তুষ্ট ধোনী

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ আই পি এলত ক্রমাগত তৃতীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত অসন্তুষ্ট হৈ পৰিছে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনী৷ যোৱানিশা ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত সাত ৰানত পৰাস্ত হোৱাৰ পিছত তাৰকাগৰাকীয়ে কয় যে দলে বহু বছৰৰ পিছত ক্রমাগত তিনিখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে৷ সকলো দিশত দলটোক শুধৰণিৰ প্রয়োজন আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে বেটছমেনে দায়বদ্ধতাৰ পৰিচয় দিব লাগিব৷ একেদৰে বলাৰে ন’ বল কৰাৰ পৰা আৰু ফিল্ডাৰে কেচ ড্রপ কৰাৰ পৰা বিৰত থাকিব লাগিব৷ ইফালে, নিজৰ বেটিঙক লৈও ধোনীয়ে মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰে৷ ‘মই স্বাভাৱিক শৈলীত বেটিং কৰিব পৰা নাই৷ বল আৰু বেটৰ সঠিক সংযোগ কৰিব পৰা নাই৷ অধিক জোৰকৈ শ্বট খেলাৰ প্রয়াস চলাইছিলোঁ৷ কিন্তু টাইমিঙৰ ওপৰতহে মই গুৰুত্ব দিয়া উচিত আছিল৷’ ধোনীয়ে এইদৰে কয়৷

You might also like