নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ শৰীৰত আঘাতৰ কোনো চিন নাই, এইমছৰ ৰিপ’ৰ্টক লৈ নাৰাজ শেখৰ সুমন

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ প্রতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্তই নির্ণায়ক গতিৰে আগবাঢ়িছে৷ মুম্বাই আৰক্ষীয়ে অভিনেতা সুশান্তৰ আত্মহননৰ প্রতিবেদন দাখিল কৰাক লৈ অভিনেতাগৰাকীৰ পৰিয়ালে অসন্তুষ্ট হৈ হত্যাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত সর্বোচ্চ ন্যায়ালয়ে এই ঘটনাৰ তদন্ত চি বি আইক দিয়ে৷

চি বি আয়ে ৰহস্যজনক মৃত্যুৰ ঘটনাটোৰ তদন্ত আগবঢ়াই নি এইমছৰ বিশেষজ্ঞ দলৰ পৰা অভিনেতাজনৰ নৱমূল্যায়ন মৰণোত্তৰ প্রতিবেদন বিচাৰে৷ সেইমর্মে এইমছৰ বিশেষজ্ঞ দলে চি বি আইৰ হাতত অভিনেতাজনৰ মৰণোত্তৰ প্রতিবেদন দাখিল কৰে৷ মৰণোত্তৰ প্রতিবেদনৰ তথ্য মতে, অভিনেতা সুশান্তক হত্যাৰ অভিযোগ খণ্ডন কৰা হয়৷

সুশান্ত সিং ৰাজপুত গোচৰক লৈ এইমছৰ ফৰেনছিক পেনেলে নির্ণায়ক চিকিৎসা বৈধ মত চি বি আইক দাখিল কৰে৷ এইমছৰ ফৰেনছিক মেডিকেল ব’ৰ্ডৰ অধ্যক্ষ ডাঃ সুধীৰ গুপ্তাই প্রকাশ কৰা মতে, অভিনেতা সুশান্তক হত্যা কৰা হোৱা নাই৷ অভিনেতাজনৰ শৰীৰত বিহ অথবা ডিঙি চেপি হত্যা কৰাৰ কোনো লক্ষণো নাই৷

চিপজৰীৰ বাহিৰে শৰীৰত আঘাতৰ কোনো চিন নাই৷ শৰীৰত অথবা সাজ–পোছাকত হতাহতি হোৱা কোনো চিহ্ণ নাই৷ সুশান্ত সিং ৰাজপুত গোচৰক লৈ গঠিত এইমছৰ ফৰেনছিক মেডিকেল ব’ৰ্ডৰ এই চাঞ্চল্যকৰ প্রতিবেদনৰ পাছতে অভিনেতা সুশান্তৰ হত্যা হোৱা নাই বুলি তদন্তই নতুন গতি লাভ কৰিছে৷

এইমছৰ এই প্রতিবেদনৰ পাছতে অভিনেতা সুশান্তৰ আত্মহননৰ বিষয়টো চর্চাৰ মাজলৈ আহিছে৷ অভিনেতা শেখৰ সুমনে এইমছ প্ৰতিবেদনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁৰ মতে সুশান্ত মৃত্যুৰ তদন্তক হাইজেক কৰা হৈছে। সুশান্তৰ কিদৰে মৃত্যু হৈছে সেয়া এটা সত্য আৰু এই সত্য এদিন নহয় এদিন ওলাই পৰিব।

You might also like