বিবাহিত জীৱন ভাল নে বৰলা জীৱন ভাল তাকে লৈ নানা মুনিৰ নানা মত৷ কোনোৱে যিদৰে বিয়া নামৰ সামাজিক বান্ধোনৰ ওপৰত বিশ্বাসী কেনেদৰে আন কোনোৱে আকৌ তাৰ বিৰোধী৷ সকলো ক্ষেত্রত যিদৰে ভাল আৰু বেয়া দুটা দিশ থাকে, বিয়াৰ ক্ষেত্রতো তাৰ অন্যথা নহয়৷
গৱেষণাত কোৱা হৈছে যে বৈবাহিক জীৱনে কেৱল যে একাকীত্বই দূৰ কৰে তেনে নহয়৷ দীর্ঘম্যাদী শাৰীৰিক সমস্যা ৰোধৰ ক্ষেত্রতো ডাঙৰ ভূমিকা পালন কৰে৷ ‘কেঞ্চাৰ ৰিছার্চ কমিউনিকেচন’ নামৰ এখন জার্নেলত প্রকাশিত তথ্যত কোৱা হৈছে যে কর্কট ৰোগৰ আশংকা হ্রাস কৰে বিয়াই৷
গৱেষণাত কোৱা হৈছে যে বিবাহিত পুৰুষৰ ক্ষেত্রত কেঞ্চাৰৰ আশংকা থাকে ৬৮ শতাংশৰো অধিক৷ আনহাতে অবিবাহিত মহিলাসকলৰ ক্ষেত্রত এই আশংকা বিবাহিত, বিবাহ বিচ্ছেদিত বা বিধৱাসকলৰ তুলনাত আৰু অধিক৷
শতাংশৰ হিচাপত এই আশংকা ৮৩ শতাংশ৷ বিশেষজ্ঞসকলৰ মতে ইয়াৰ নেপথ্যত কেইবাটাও কাৰণ আছে৷ তাৰ ভিতৰত মূল কাৰণ হ’ল বিবাহিতসকলে এটা নিয়মৰ মাজত জীৱন অতিবাহিত কৰে৷ তেওঁলোকে সাধাৰণতে নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰি থাকে৷ কাৰণ তেওঁৰ সংগীয়ে তেওঁৰ স্বাস্থ্যৰ খেয়াল ৰাখে৷ অন্যান্য শাৰীৰিক সমস্যা হ’লেও চিকিৎসকৰ পৰামর্শ লয়৷
ফলত বৃহৎ কোনো সমস্যাৰ সৃষ্টি হোৱাৰ পূর্বে বেছিভাগ ক্ষেত্রতে সেয়া ধৰা পৰে৷ গৱেষণাটোৰ প্রধান দাবী হ’ল যে অবিবাহিতসকল সামাজিকভাৱে বিচ্ছিন্ন হৈ থাকে৷ নিজৰ যত্ন নলয়৷ স্বাস্থ্যৰ অৱনতি হ’লেও তেওঁলোকে বিশেষ গুৰুত্ব নিদিয়ে৷
আনহাতে বিবাহিতসকলৰ ক্ষেত্রত ধূমপান, অতিৰিক্ত সুৰাপানৰ সম্ভাৱনাও কম থাকে৷ এই বিষয়সমূহেই হাঁওফাঁও আৰু জৰায়ুৰ কর্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ সৈতে সম্পর্কিত৷ তাৎপর্যপূর্ণ বিষয়টো হ’ল যে পূর্বৱর্তী গৱেষণাত কোৱা হৈছিল যে বিবাহৰ পৰা পুৰুষসকলহে বেছিকৈ উপকৃত হয়৷
কিন্তু এই নতুন গৱেষণাটোত কোৱা হৈছে যে মহিলাসকলে বিবাহিত জীৱনত বহু বেছি সুৰক্ষা লাভ কৰে৷ জীৱনৰ সুৰক্ষাৰ বাবেও বৰলা জীৱন এৰি বিবাহিত জীৱনক আঁকোৱালি লোৱাটো যে উচিত এই গৱেষণাই তাৰেই ইংগিত প্রদান কৰিছে৷
ডিজিটেল ডেস্ক, ৯ এপ্রিল