নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমিকৰ সৈতে পত্নীক বিয়া পাতি বিদায় দিলে স্বামীয়ে

প্রায় ছবছৰ পূর্বে জজানৰ বাসিন্দা ৰাজেন বিট্টাৰ সৈতে বিয়া হৈছিল সীমা মাঝিৰ৷ ৫ বছৰীয়া বৈবাহিক জীৱনত এটা পুত্র সন্তানো আছে তেওঁলোকৰ৷ কিন্তু বৈবাহিক জীৱন সুখৰ নাছিল৷ দাম্পত্য কলহৰ মাজতে তেওঁলোকৰ সংসাৰত প্রৱেশ কৰে শ্রীকান্তে৷

সীমাৰ সৈতে গঢ়ি তোলে প্রেমৰ সম্পর্ক৷ এই প্রেমৰ স্বীকৃতি বিচাৰিলে তেওঁ৷ তেওঁৰ ইচ্ছা পূৰণ কৰা হ’ল৷ স্বামীৰ সন্মুখতে প্রেমিকৰ হাতৰ পৰা শিৰত সেন্দূৰ ল’লে সীমাই৷

বিবাহ বাহৰত থিয় হৈ ৰাজেনে ক’লে– ‘যিয়ে আঁতৰি যাবলৈ বিচাৰে, তাক ধৰি ৰাখিব পাৰি জানো? নতুন জীৱনত তেওঁ সুখী হওক৷’ পাঁচথুপি পঞ্চায়তৰ সদস্য নাণ্টু ঘোষে জনায় যে তেওঁলোকৰ দাম্পত্য জীৱন অশান্ত আছিল৷ সেইবাবেই সীমাই পুনৰ বিবাহৰ সিদ্ধান্ত লয়৷ কিন্তু তাত আপত্তি নজনালে ৰাজেনে৷

ইফালে, সীমাৰ সদ্যবিবাহিত স্বামী শ্রীকান্তে কয়– সীমাৰ প্রাক্তন স্বামীয়ে তেওঁক যথেষ্ট মাৰধৰ কৰিছিল৷ সেইবাবেই এই সিদ্ধান্ত৷

ডিজিটেল ডেস্ক, ১১ ফেব্ৰুৱাৰী

You might also like