নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ ক’ৰোনাকেন্দ্রিক পৰিৱেশ কিছু পৰিমাণে স্বাভাৱিক হোৱাৰ সময়তে ৰাজ্যত বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ প্রস্তুতি চলিছে৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে ১৫ অক্টোবৰৰ পৰা বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰাৰ বাবে প্রয়োজনীয় নীতি–নিয়ম জাৰি কৰিছে৷ অসমতো এই নীতি–নিয়মৰ আধাৰতে ১ নৱেম্বৰৰ পৰা স্কুল–কলেজ খোলাৰ প্রস্তুতি চলাইছে শিক্ষা বিভাগে৷ মঙলবাৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা অৱগত কৰি জানিবলৈ দিয়ে যে ৰাজ্যৰ বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ বাবে অহা ১৫ অক্টোবৰৰ পৰা ২০ অক্টোবৰৰ ভিতৰত ৰাজ্য চৰকাৰে প্রকাশ কৰিব নতুন গাইডলাইন৷ নতুন গাইডলাইন অনুসৰি বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰিব পাৰিব কর্তৃপক্ষ৷ এই সন্দর্ভত মন্ত্রী ড০ শর্মাই কয়– ১ নৱেম্বৰৰ পৰা চূড়ান্ত বর্ষৰ ছাত্র–ছাত্রীসকলক শিক্ষানুষ্ঠানলৈ অনাৰ বাবে শিক্ষা বিভাগে চিন্তা–চর্চা কৰি আছে৷ ইয়াৰ বাবে ১৫ অক্টোবৰৰ পৰা ২০ অক্টোবৰৰ ভিতৰত বিভাগে নতুন প্রট’কল প্রকাশ কৰিব৷
ইতিমধ্যে কেন্দ্রীয় চৰকাৰে বিদ্যালয় খোলাৰ বাবে যি নীতি–নিয়ম জাৰি কৰিছে, তাৰ আধাৰতে সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ কেন্দ্রীয় চৰকাৰে ১৫ অক্টোবৰৰ পৰা বিদ্যালয় খোলাৰ নীতি–নির্দেশনা দিছে যদিও দুর্গা পূজাৰ পৰিপ্রেক্ষিতত ১ নৱেম্বৰৰ পৰা ৰাজ্যত পাঠদান আৰম্ভ কৰা হ’ব৷ ইতিমধ্যে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্রেণীৰ পাঠ্যক্রম যি নীতি–নিয়মৰ আধাৰত চলি আছে, তেনে নীতি–নিয়ম অনুসৰিয়েই আন শ্রেণীৰ পাঠদান চলিব৷ অৱশ্যে ইয়াৰ বাবে প্রাথমিক বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলক বিদ্যালয়লৈ অনা নহ’ব৷ ষষ্ঠ শ্রেণীৰ পৰা বিশ্ববিদ্যালয় পর্যায়ৰ ছাত্র–ছাত্রীসকলৰ বাবেহে পাঠদান মুকলি হ’ব৷ কিন্তু চৰকাৰে ছাত্রাৱাস খোলাৰ অনুমতি নিদিব৷ হয়তো সপ্তাহত এদিন পাঠদান হ’ব পাৰে৷ তেনেধৰণে ক’ভিড প্রট’কল আগত ৰাখি পাঠদানৰ নীতি–নিয়ম প্রস্তুত কৰা হ’ব৷ উল্লেখ্য যে ইতিমধ্যে ১ ছেপ্ঢেম্বৰৰ পৰা নৱম, দশম, একাদশ, দ্বাদশৰ চূড়ান্ত বর্ষৰ ছাত্র–ছাত্রীসকলৰ পাঠদান প্রক্রিয়া নির্দিষ্ট নীতি–নিয়মৰ মাজেৰে চলি আছে৷ এই পাঠদানৰ সময়ছোৱাত এতিয়ালৈ কোনো ক’ৰোনাকেন্দ্রিক নেতিবাচক খবৰ অহা নাই৷ যাৰ বাবে ৰাজ্য চৰকাৰে একেই নিয়মেৰে স্কুল–কলেজৰ পাঠ্যক্রম আৰম্ভ কৰাৰ প্রস্তুতি আৰম্ভ কৰিছে৷