নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্য প্রদেশত পথ দুর্ঘটনাত নিহত ৮জন

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ মধ্য প্রদেশৰ ধৰ জিলাত  দ্রুতবেগী টেংকাৰ এখনৰ সৈতে ভেন এখন দুর্ঘটনাত পতিত হোৱাৰ ফলত কমপক্ষেও ৮গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ২০জন গুৰুতৰভাৱে আহত হৈছে৷ এই দুর্ঘটনাটো সংঘটিত হৈছে ইন্দোৰ–আহমেদাবাদ ৰাষ্ট্রীয় ঘাইপথত৷ টিৰলা আৰক্ষী থানাৰ সমীপত সংঘটিত এই দুর্ঘটনাটোত নিহত হোৱা আটাইকেইজনেই কৃষিক্ষেত্রত নিয়োজিত শ্রমিক বুলি আৰক্ষী সূত্রই সংবাদ মাধ্যমক জনাইছে৷

আহত লোকসকলক ততাতৈয়াকৈ সমীপৱর্তী হাস্পতালত ভর্তি কৰোৱা হৈছে৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি দ্রুতবেগী টেংকাৰখনে পাছফালৰ পৰা আহি ভেনখনত প্রচণ্ড খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে ৮গৰাকী লোক নিহত হয়৷

You might also like