এগৰাকী ক’ভিড যোদ্ধাৰ মৃত্যু, আশাকৰ্মী ৰূপে আগবঢ়াইছিল মানৱ সেৱা
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ বিশ্বজুৰি ক’ভিডৰ আতংক। এই আতংকৰ মাজতো মানৱ সেৱাত জড়িত থাকি অৱশেষত ক’ভিডতে প্ৰাণ হেৰুৱালে এগৰাকী ক’ভিড যোদ্ধাই। বিজনী মহকুমাৰ অন্তৰ্গত উলুবাৰীৰ নিৱাসী এই আশাকৰ্মীগৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পৰিছে উলুবাৰী অঞ্চলত।
উলুবাৰী উপ-স্বাস্থ্যকেন্দ্ৰৰ আশাকৰ্মী তথা উলুবাৰীৰ বাসিন্দা যোদ্ধাগৰাকীৰ নাম কমিলা বসুমতাৰী(৩৮)। আশাকৰ্মীগৰাকী বিগত ২৩ ছেপ্টেম্বৰত বঙাইগাঁৱৰ লোৱাৰ আছাম হাস্পতালত ক’ভিড পৰীক্ষা কৰোৱাত ৰিজাল্ট পজিটিভ আহে।
লগে লগে আশাকৰ্মীগৰাকীক চিৰাং জিলাৰ কাজলগাঁওস্থিত জে এছ বি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অৱনতি ঘটাত সেইদিনাই গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ছুপাৰ স্পেচিয়েলিষ্ট ক’ভিড চেণ্টাৰত ভৰ্তি কৰোৱা হয়।
কিন্তু সুদীৰ্ঘ ১৪ দিনীয়া চিকিৎসাৰ অন্তত মঙলবাৰে দিনৰ ৯ বাজি ২০ মিনিটত জীৱন যুদ্ধত পৰাজয়বৰণ কৰি মৃত্যুমুখত পৰে ক’ভিড যোদ্ধাগৰাকীয়ে। পিছত সেইদিনা সন্ধিয়াই উলুবাৰী শ্মশানত ক’ভিড প্ৰটোকল অনুসৰি আশাকৰ্মীগৰাকীৰ মৃতদেহ সৎকাৰ কৰা হয়। মৃত্যুৰ সময়ত ক’ভিড যোদ্ধা কমিলা বসুমতাৰীয়ে এটি কন্যা আৰু এটি পুত্ৰ সন্তানক এই সংসাৰত এৰি থৈ যায়।