নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই মহিলা বিজ্ঞানীলৈ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা

জিন প্রযুক্তিৰ সঁজুলি আৱিষ্কাৰ

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ   জীৱ বিজ্ঞানৰ বৈপ্লৱিক প্রভাৱ পেলাবলৈ সক্ষম হোৱা প্রযুক্তি আৱিষ্কাৰ তথা জিন প্রযুক্তিৰ ক্ষুৰধাৰ সঁজুলি আৱিষ্কাৰৰ বাবে ২০২০ বর্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে দুই মহিলা বিজ্ঞানীলৈ৷ ৰসায়ন বিজ্ঞানৰ ন’বেল কমিটীৰ অধ্যক্ষ ক্ল’জ গুষ্টাফছনে আজি ২০২০ বর্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা ফ্রান্সৰ এমানুৱেল ছাৰপেণ্টিয়াৰ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ জেনিফাৰ এ ডৌডনালৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ ন’বেল বঁটাটোৰ মুঠ ধন ১০ নিযুত ছুইডিছ ক্র’নৰ (১.১ নিযুত মার্কিন ডলাৰ) দুই বিজেতাৰ মাজত সমানে ভগাই দিয়া হ’ব বুলিও ন’বেল কমিটীয়ে টুইটাৰযোগে প্রকাশ কৰিছে৷ দুই বিজ্ঞানী এমানুৱেল ছাৰপেণ্টিয়াৰ আৰু জেনিফাৰ এ ডৌডনাই আৱিষ্কাৰ কৰা জিন প্রযুক্তিৰ ক্ষুৰধাৰ সঁজুলিৰ দ্বাৰা গৱেষকে প্রাণী, গছ–গছনি আৰু অণুজীৱৰ ডি এন এ সলনি কৰিব পাৰে৷ ক্রিছপৰ/কেছ৯ জেনেটিক কেঁচি ব্যৱহাৰ কৰি গৱেষকে জীৱ জগতৰ ডি এন এ সলনি কৰিব পাৰিব৷ জীৱ বিজ্ঞানৰ ওপৰত বৈপ্লৱিক প্রভাৱ পেলাবলৈ সক্ষম হোৱা জেন’ম সম্পাদনৰ বিকশিত পদ্ধতিৰ জৰিয়তে নতুন কর্কট থেৰাপী আৰু বংশানুক্রমে ৰোগৰ বলি হোৱা লোকক সুস্থ কৰাৰ সপোন বাস্তৱত ৰূপায়িত হ’ব৷ ন’বেল কমিটীৰ অধ্যক্ষই প্রকাশ কৰা মতে, বিজ্ঞানী দুগৰাকীয়ে আৱিষ্কাৰ কৰা জেনেটিক সঁজুলিৰ অভাৱনীয় ক্ষমতা আছে, যিয়ে আমাৰ সকলোৰে ওপৰত প্রভাৱ পেলাব৷ ই কেৱল পৰিৱর্তনকাৰী বুনিয়াদী বিজ্ঞানেই নহয়, ইয়ে উদ্ভাৱনী শক্তি আৰু নতুন চিকিৎসা পদ্ধতিৰে চিকিৎসা বিজ্ঞানতো অভাৱনীয় পৰিৱর্তন আনিব৷ উল্লেখ্য যে ২০২০ বর্ষৰ ৰসায়নৰ ন’বেল বঁটা বিজয়ী এমানুৱেল ছাৰপেণ্টিয়াৰে ১৯৬৮ চনত ফ্রান্সৰ জুভিছি–ছাৰ– অর্গেট জন্মলাভ কৰে৷ ১৯৯৫ চনত ফ্রান্সৰ পেৰিছৰ ইনষ্টিটিউট পেষ্টিউডৰ পৰা পি এইচ ডি লাভ কৰে৷ বর্তমান জার্মানীৰ বার্লিনৰ ছায়েন্স অৱ পেথ’জেনছৰ মেক্স প্লাণ্ট ইউনিটৰ সঞ্চালক হিচাপে কার্যনির্বাহ কৰি আছে৷ আনগৰাকী বিজ্ঞানী জেনিফাৰ এ ডৌডনা আমেৰিকা যুক্তৰাষ্ট্রৰ ৱাশ্বিংটন ডিচিত ১৯৬৪ চনত জন্মলাভ কৰে আৰু ১৯৮৯ চনত ব’ষ্টনৰ হার্ভার্ড মেডিকেল স্কুলৰ পৰা পি এইচ ডি লাভ কৰে৷ বার্কলীৰ কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু হোৱার্ড হিউজ মেডিকেল ইনষ্টিটিউটৰ ইনভেষ্টিগেটৰ হিচাপে কার্যনির্বাহ কৰি আছে৷ উল্লেখ্য যে ৰসায়নৰ ন’বেল বঁটা ইতিহাসত প্রথমবাৰৰ বাবে দুগৰাকী মহিলা বিজ্ঞানীয়ে এই বঁটা লাভ কৰিছে৷

You might also like