নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ পাণ্ডেৰ বিৰুদ্ধে প্রার্থী প্রক্ষেপ কৰিব শিৱসেনাই

 নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ  আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনত প্রাক্তন আৰক্ষীপ্রধান গুপ্তেশ্বৰ পাণ্ডেৰ বিৰুদ্ধে প্রার্থী প্রক্ষেপ কৰিব শিৱসেনাই৷ মহাৰাষ্ট্রৰ শাসকীয় দলটোৱে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ স্মর্তব্য যে গুপ্তেশ্বৰ পাণ্ডেই মাত্র কেইদিনমান পূর্বে স্বেচ্ছাই অৱসৰ গ্রহণ কৰি নীতিশ কুমাৰৰ জেডি(ইউ)ত যোগদান কৰিছে৷ পাণ্ডেই জেডি(ইউ)ৰ তৰফৰ পৰা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব৷ উল্লেখনীয় যে বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা সন্দর্ভত মুম্বাই আৰক্ষীৰ তদন্তক লৈ প্রশ্ণৰ অৱতাৰণা কৰিছিল পাণ্ডেই৷

You might also like