নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চকাবন্ধ ৰোধ কৰিবলৈ চৰকাৰক নির্দেশ উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ  ৰাজ্যত একাংশ সংগঠনে দাবী পূৰণৰ বাবে চকাবন্ধৰ আহ্বান দি দৈনন্দিন জীৱনত সৃষ্টি কৰি অহা বাধাৰ বাবে সাধাৰণ জনতাই দুর্ভোগ ভুগিব লগা হৈ আহিছে৷ এনে চকাবন্ধক অবৈধ কৰাৰ বাবে অধিবক্তা ইন্দ্রনীল কলিতা আৰু দীক্ষিত গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৬০/২০২০ নং যোগে ৰাজহুৱা স্বার্থজড়িত এক আবেদন দাখিল কৰিছিল৷ বুধবাৰে উচ্চ ন্যায়ালয়ে আবেদনখনৰ শুনানি গ্রহণ কৰি চৰকাৰক চকাবন্ধৰ দৰে প্রতিবাদী কার্যসূচী বন্ধ কৰাৰ বাবে আইনগত সকলো ব্যৱস্থা ল’বলৈ নির্দেশ দিয়ে৷ আবেদনকাৰীৰ হৈ অধিবক্তা পি এন গোস্বামী আৰু পৰিবহণ বিভাগৰ হৈ যুক্তি প্রদর্শন কৰে ময়ূৰী দত্তই৷

You might also like