নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূর্বতে গঁড় হত্যাৰে আমাৰ স্বাভিমানক হত্যাৰ ষড়যন্ত্র চলাইছিল

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ   ‘ৰাজ্য চৰকাৰে আগন্তুক দিনত ৰাজ্যখনৰ বনাঞ্চলৰ পৰিসৰ ২ হাজাৰ বর্গ কিলোমিটাৰ বৃদ্ধিৰ বাবে পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাজ্য চৰকাৰে বন্যপ্রাণীৰ স্বাস্থ্য আৰু গৱেষণাৰ বাবে ইনষ্টিটিডট অৱ ৱাইল্ড লাইফ হেলথ্ এণ্ড ৰিছার্চ নামৰ এক ৰাষ্ট্রীয় পর্যায়ৰ প্রতিষ্ঠান গঢ়ি তুলিব৷ ডিব্রুগড জিলাৰ দিনজানত এই প্রতিষ্ঠানটো গঢ়ি তোলা হ’ব৷ আনহাতে কাজিৰঙা আৰু মানস ৰাষ্ট্রীয় উদ্যানৰ দৰে প্রতিখন সংৰক্ষিত বনাঞ্চলত থকা কেম্পত সৌৰশক্তিচালিত চাকি আৰু স্মার্ট ফোন প্রদান কৰিব ৰাজ্য চৰকাৰে৷’ বুধবাৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রী শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ দ্বাৰা আয়োজিত ৬৬তম বন্যপ্রাণী সপ্তাহৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে বৰাইল বনাঞ্চলত এটা বন সংমণ্ডল স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে৷ দিহিং–পাটকাইক জয়পুৰৰ লগত সংযোগ কৰি ৰাষ্ট্রীয় ডদ্যান এখন গঢ়ি তোলাৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰা হৈছে৷ জোনাইৰ পবাস্থিত বর্ষাৰণ্যক বন্যপ্রাণী অভয়াৰণ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে৷ পূর্বৰ চৰকাৰে গঁড হত্যাৰ ক্ষেত্রত আন্তৰিকতা নেদেখুৱালে বুলি ডল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কাজিৰঙাত প্রতিমাহে গঁড হত্যা হৈছিল৷ বহু নিৰীহ প্রাণীৰ মৃত্যু হ’ল৷ চোৰাং চিকাৰীয়ে কাজিৰঙাক মুকলি পথাৰ হিচাপে গণ্য কৰিছিল৷ বর্তমানৰ ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ ফলত কাজিৰঙাত চোৰাং চিকাৰীৰ প্রৱেশ নিষিদ্ধ হ’ল৷ ১০খন ফাষ্ট ড্রেক ক’টৰ জৰিয়তে ২৪০গৰাকী চোৰাং চিকাৰীক দৃষ্টান্তমূলক শাস্তি বিহা হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা দুন্তিৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্রহণ কৰি আহিছে৷ ৰাজ্য চৰকাৰে দুন্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ সংকল্পবদ্ধ আৰু দৃঢ়প্রতিজ্ঞ৷ দুর্নীতিক প্রশ্রয় দিয়া বিষয়া–কর্মচাৰী, ৰাজনীতিক সাৰি যাব নোৱাৰে৷ দুন্তিৰ বিৰুদ্ধে অভিযান চলি থাকিব৷ এইক্ষেত্রত কোনোধৰণৰ আপোচ কৰা নহ’ব৷ দুর্নীতিয়ে সমাজখন অপৰিষ্কাৰ কৰে৷ সেইবাবে দুর্নীতিৰ সৈতে জডিত থকা লোক ৰেহাই নাপাব৷ দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উল্লেখযোগ্য সফলতা লাভ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷

অনুষ্ঠানত বন আৰু পৰিৱেশ মন্ত্রী পৰিমল শুক্লবৈদ্যই কয় যে ৰাজ্য চৰকাৰে ১০ কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত লৈ ৮ কোটি গছপুলি ৰোপণৰ কাম ইতিমধ্যে সম্পূর্ণ কৰিছে৷ বন্যপ্রাণী সংৰক্ষণৰ প্রতি আমি সকলোৱে দায়বদ্ধ হ’ব লাগিব৷ চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্রত দৃঢ়তাৰে পদক্ষেপ গ্রহণ কৰি আহিছে৷ মুখ্যমন্ত্রীৰ মিডিয়া ডপদেষ্টা হূষীকেশ গোস্বামীয়ে কয় যে জীৱ–জন্তু আমাৰ আধ্যাত্মিক আৰু সমাজ জীৱনত অংগাংগীভাৱে জডিত৷ জীৱ–জন্তুক বচাই ৰাখিলেহে মানৱ সমাজৰ সর্বাত্মক মংগল হ’ব৷ আজিৰ এই অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ প্রধান সচিব অবিনাশ যোশী, প্রধান মুখ্য বন সংৰক্ষক তথা ৰাজ্যৰ বন বাহিনীৰ প্রধান এ এম সিং, প্রধান মুখ্য বন্যপ্রাণী সংৰক্ষক (বন্যপ্রাণী) অমিত সাহাই ভাষণ দিয়ে৷ মুখ্যমন্ত্রীয়ে বিশিষ্ট পৰিৱেশবিদ পৰিমল চন্দ্র ভট্টাচার্যক আজিৰ অনুষ্ঠানতে জীৱনজোৰা সাধনা বঁটা প্রদান কৰাৰ লগতে বন্যপ্রাণী সংৰক্ষণত ডল্লেখযোগ্য ভূমিকা লোৱা ব্যক্তি, সংগঠনক বঁটা প্রদান কৰাৰ উপৰি বিদ্যালয় পর্যায়ত অনুষ্ঠিত প্রতিযোগিতাৰ প্রতিযোগীসকলকো পুৰস্কাৰ প্রদান কৰে৷ মুখ্যমন্ত্রীয়ে হাডগিলা সংৰক্ষণত ডল্লেখযোগ্য ভূমিকা গ্রহণ কৰি অহা ড০ পূর্ণিমা দেৱী বর্মনকো সম্বর্ধনা জনায়৷ আজিৰ এই অনুষ্ঠানত বিধায়ক আঙুৰলতা ডেকা, অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক এন কে যাদৱ প্রমুখ্যে বিশিষ্ট পৰিৱেশবিদ, পৰিৱেশ আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগতে অন্যান্য গণ্য–মান্য ব্যক্তিসকল উপস্থিত আছিল৷

You might also like