নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড’নাল্ড ট্ৰাম্পে ক’লেও COVID ভেকচিন নলয় কমলা হেৰিছে, তুংগত বাকযুদ্ধ

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ নিৰ্বাচন। দুটা মূল শক্তি ডেম’ক্ৰেটিক আৰু ৰিপাব্লিকৰ মাজত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰাৰম্ভতে তুমুল বাকযুদ্ধত লিপ্ত হৈছে দুয়োটা দলৰ প্ৰাৰ্থী।

ডেমক্ৰেটিক পাৰ্টিৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ভাৰতীয় মূলৰ কমলা হেৰিছ আৰু উপ-ৰাষ্ট্ৰপতি মাইক পেনছৰ মাজত এক বিতৰ্ক অনুষ্ঠিত হয় কালি। হেৰিছে ক’ৰোনা ভাইৰাছৰ প্ৰকোপত ট্ৰাম্প চৰকাৰ কম্পমান আছিল বুলি মন্তব্য কৰাৰ লগতে ট্ৰাম্প চৰকাৰৰ এয়া বৃহৎ ব্যৰ্থতা বুলি উল্লেখ কৰে।

তেওঁ কয় আমেৰিকা চৰকাৰে কেতিয়াও ইমান বেয়াকৈ ব্যৰ্থ হোৱা নাই, যিমানখিনি ক’ৰোনা প্ৰসংগত হৈছে। হেৰিছে লগতে প্ৰথমাৱস্থাত চৰকাৰখনে ক’ৰোনা বিষয়টো লুকুৱাবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে।

আনহাতে ক’ৰোনা প্ৰতিষেধকক লৈ কমলা হেৰিছে কয়- ‘যদি চিকিৎসকে কয় তেন্তে ভেকচিন লোৱাৰ ক্ষেত্ৰত মই প্ৰথম শাৰীত থিয় হ’ম, কিন্তু ড’নাল্ড ট্ৰাম্পে ক’লে ভেকচিন লোৱা নহ’ব।’

মাইক হেন্সে মানুহৰ জীৱনক লৈ ৰাজনীতি কৰা বন্ধ কৰিবলৈ হেৰিছক দাবী জনায় কয় যে বাস্তৱতা এয়াই যে এইবছৰৰ শেষভাগতে আমি ক’ৰোনাৰ ভেকচিন পাম, যিয়ে অসংখ্য আমেৰিকানৰ উপকাৰ সাধিব।

You might also like