নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ দিনে জেলত কি কৰি কটাইছিল ৰিয়াই…

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ প্রায় এমাহৰ মূৰত সুশান্ত কাণ্ডত জামিন পালে ৰিয়া চক্রৱর্তীয়ে। বুধবাৰে ৰিয়াৰ জামিনৰ আবেদন মঞ্জুৰ কৰে বম্বে হাইক’র্টে (Bombay High Court)। ৰিয়াৰ আবেদন তথা ড্ৰাগছ চিণ্ডিকেটৰে তেওঁৰ প্ৰত্যক্ষ সম্পৰ্ক নথকাৰ ভিত্তিতেই জামিন দিয়ে ।

জেলৰ পৰা ওলাই অহাৰ পিছত বহুত মাজত প্ৰশ্ন হৈছে যে ৰিয়াই প্ৰায় এমহীয়া জেল জীৱন কিদৰে কটাইছিল। এই সন্দৰ্ভত অধিবক্তা সতীশ মানশিন্দে কয় যে যোৱা ২৮ দিনে জেলত থকা সময়ছোৱাত ৰিয়াই দৈনিক সূচী মতে কাম হাতত লৈছিল।

অধিবক্তা-জনে কয় যে ৰিয়াৰ ভাবমূৰ্তি বিনষ্ট কৰিবলৈ ভিন্ন জনে ভিন্ন কথা কৈছিল যদিও  তেওঁ কাৰাগাৰত যেতিয়া খবৰ লবলৈ গৈছিল, তেতিয়া ৰিয়াই নিজৰ সময়সূচীৰ কথা জনাইছিল। ৰিয়াই জেলৰ কয়দীসকলক যোগৰ প্ৰশিক্ষণ দিছিল। ৰিয়াই জেলত নিজকে খাপ খুৱাই লৈছিল। সাধাৰণ মহিলা কয়দীৰ দৰে কাৰাবাসত আছিল ৰিয়া। কৰোনাৰ বাবে জেলৰ ভাতেই খাব লগা হৈছিল তেওঁ।

You might also like