ডুমডুমীয়াত হোৱাটছএপত পত্নীক তালাক
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ কেন্দ্রীয় চৰকাৰে তিনি তালাক নিষিদ্ধ ঘোষণা কৰিছে৷ এই নিষেধাজ্ঞা সত্ত্বেও তিনি তালাকৰ এটা ঘটনা সংঘটিত হৈছে ডুমডুমীয়া আৰক্ষী চকীৰ অন্তর্গত ৰৌমাৰী গাঁৱত৷ আনোৱাৰ হুছেইন নামৰ এজন লোকে কেৰালাৰ পৰাই হোৱাট্ছএপৰ জৰিয়তে পত্নীক দিলে তিনি তালাক৷ ৯ বছৰ পূর্বে মৰিগাঁও জিলাৰ মায়ঙৰ কুফুজাৰী গাঁৱৰ এগৰাকী যুৱতীক সামাজিক আৰু ধর্মীয় ৰীতি–নীতিৰে বিবাহ কৰাইছিল ধিঙৰ ৰৌমাৰী গাঁৱৰ আনোৱাৰ হুছেইনে৷ বিয়াৰ দুবছৰ পিছৰে পৰা আনোৱাৰে পত্নীৰ পৰা দাবী কৰি আহিছিল ধন–সম্পত্তি৷
মহিলাগৰাকীৰ সন্তান জন্ম হোৱা নাছিল৷ যাৰ বাবেই কৃষক পিতৃয়ে নিজ কন্যাৰ শান্তিৰ বাবে জোঁৱায়েক আনোৱাৰক দি আহিছিল ধন৷ তাৰ পিছতো পত্নীক চলাইছিল শাৰীৰিক আৰু মানসিক অত্যাচাৰ৷ বিগত ৯ বছৰে মহিলাগৰাকীয়ে সন্তান জন্ম দিব নোৱাৰাৰ বাবে শহুৰ আৰু শাহুৱেকেও চলাইছিল মানসিক নির্যাতন৷ আনোৱাৰে সন্তান জন্ম দিবলৈ অসমর্থ হোৱাৰ বাবে আন এগৰাকীক বিয়া কৰোৱাৰ ইচ্ছাৰে সুদূৰ কেৰালাৰ পৰা হোৱাট্ছএপত এই তালাক দিয়া মেছেজ ভাইৰেল হোৱাৰ পিছতেই ডুমডুমীয়াত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি ইতিমধ্যে ডুমডুমীয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷