নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯.৬ শতাংশ নিম্নগামী হ’ব দেশৰ জিডিপি

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ ক’ভিড–১৯সৃষ্ট পৰিৱেশৰ বাবে ভাৰতৰ অর্থনীতি ভয়াৱহ দিশেৰে আগবাঢ়িছে৷ চলিত বিত্তীয় বর্ষ ২০২০–২১ত দেশখনৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) ৯.৬ শতাংশ নিম্নগামী হ’ব৷ বিশ্ববেংকে প্রকাশ কৰা প্রতিবেদনত দেশৰ ভয়াৱহ অর্থনীতিৰ তথ্য প্রকাশ পাইছে৷ বিশ্ববেংকৰ দক্ষিণ এছিয়াৰ মুখ্য অর্থনীতিবিদ হান্স টিমাৰে প্রকাশ কৰা মতে, ভাৰতৰ অর্থনীতি অধিক ভয়াৱহ হ’ব, যিটো ইয়াৰ পূর্বে কেতিয়াও প্রত্যক্ষ কৰা নাছিল৷ ভাৰতৰ পৰিস্থিতি ব্যতিক্রম৷ অতি ভয়াৱহ সংকটৰ দিশে৷ নন–ফাৰফমিং ঋণৰ সংখ্যা বৃদ্ধি পাইছে৷ এইবোৰৰ সৈতে দেশখনে মোকাবিলা কৰাটো জটিল হ’ব৷ দেশখনৰ অর্থনীতিক লৈ উদ্বেগ প্রকাশ কৰিলেও মুখ্য অর্থনীতিবিদ হান্স টিমাৰে অৱশ্যে ভাৰত চৰকাৰে সীমিত সম্পদক লৈ গ্রহণ কৰা পদক্ষেপক প্রশংসা কৰে৷

উল্লেখ্য যে চলিত বিত্তীয় বর্ষত প্রথম ত্রৈমাসিকত বিকাশৰ হাৰ ২৩.৯ শতাংশ নিম্নগামী হৈ জটিল পৰিস্থিতিৰ ইংগিত দিয়াৰ পাছত বিত্তীয় বর্ষত মুঠ জি ডি পিৰ ৯.৬ শতাংশ নিম্নগামী হ’ব৷ বিশ্ববেংকে দক্ষিণ এছিয়াৰ দেশসমূহৰ অর্থনীতিক লৈ প্রকাশ কৰা প্রতিবেদনত অঞ্চলটোত বিকাশৰ হাৰ ৭.৭ শতাংশ নিম্নগামী হ’ব বুলি উল্লেখ কৰিছে৷ ২০১৯ চনৰ তুলনাত অঞ্চলটোৰ প্রতি জনমূৰি আয় ৬ শতাংশৰ অধীনত থাকিব বুলি উল্লেখ কৰিছে বিশ্ববেংকে৷ তেনেদৰে ক’ৰোনা মহামাৰীৰ সংহাৰৰ বাবে চলিত বর্ষটোতে দাৰিদ্র্য সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা ৩৩ শতাংশ বৃদ্ধি পাব৷ বিশ্বজুৰি অতি দৰিদ্রতাৰ সন্মুখীন হ’ব ১৫ কোটি লোক৷ তাৎপর্যপূর্ণ যে বিশ্ববেংকৰ প্রতিবেদনত ক’ৰোনা ভাইৰাছৰ সংক্রমণ সম্প্রসাৰিত আৰু এই পৰিস্থিতি সন্দর্ভত দেশত যোগান আৰু চাহিদাত ব্যাঘাত জন্মাৰ পৰিপ্রেক্ষিততে অর্থনীতি জটিল সন্ধিক্ষণত উপনীত হৈছে৷ মহামাৰী ক’ভিড–১৯ প্রতিৰোধৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২৫ মার্চৰ পৰা সম্পূর্ণ লকডাউন বলৱৎ কৰিছিল৷

অৱশ্যে ১ মে’ৰ পৰা এই লকডাউনৰ শিথিলতাৰে অর্থনৈতিক কাম–কাজ পুনৰ মুকলি কৰা হৈছিল৷ ইয়াৰ পাছতেই দেশৰ অর্থনীতি লাহে লাহে উন্নীত হ’বলৈ ধৰে যদিও বর্ষটোৰ বাবে ই ইতিবাচক নহয়৷ উনুকিয়াব পাৰি যে আন্তর্জাতিক মুদ্রা নিধিয়ে যোৱা জুনত ২০২০–২১ বিত্তীয় বর্ষত ভাৰতৰ জি ডি পি ৪.৫ শতাংশতে সীমাবদ্ধ থাকিব বুলি প্রতিবেদনত প্রকাশ পাইছিল৷

You might also like